ৰাজ্যৰ ৰেল যাতায়তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ ৰেল বিভাগৰ। বিশেষকৈ এতিয়াৰে পৰা লখিমপুৰবাসীৰ বাবে ৰেল যাতায়ত হৈ পৰিব অতি সুচল। লখিমপুৰৰ পৰা গুৱাহাটী বা তিনিচুকীয়া ভ্ৰমণ হ’ব অতি সহজ। কিয়নো ৰেল বিভাগে উত্তৰ তথা উজনি অসমৰ জনসাধাৰণলৈ দিছে দুখন নতুন ৰেল।
ৰেল বিভাগে জনোৱা অনুসৰি, গুৱাহাটী-নৰ্থ লখিমপুৰ আৰু নাহৰলগুন-তিনিচুকীয়াৰ মাজত চলাচল কৰিব দুখন ৰেল। ইয়াৰে গুৱাহাটী-নৰ্থ লখিমপুৰত চলিব জনশতাব্দী এক্সপ্ৰেছ।
অহা ৭ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব এই ৰেলৰ সেৱা। অৱশ্যে, সপ্তাহত দুদিন চলিব এই ৰেল। সেই অনুসৰি, প্ৰতি মংগল আৰু বুধবাৰে এই ৰেল গুৱাহাটীৰ পৰা ৯:৫০ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই ৪:১৫ বজাত নৰ্থ লখিমপুৰত উপস্থিত হ’ব। ও ওভটনি যাত্ৰাৰ দিশত ৰেলখনে নৰ্থ লখিমপুৰৰ পৰা বিয়লি ৫ বজাত যাত্ৰা আৰম্ভ কৰি নিশা ১১:২৫ বজাত গুৱাহাটীত উপস্থিত হ’ব।
আনহাতে, নাহৰলগুন-তিনিচুকীয়াৰ এক্সপ্ৰেছখনৰ সেৱা অহা ৫ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব। সপ্তাহত তিনিদিন চলিবলগীয়া ৰেলখন প্ৰতি বুধবাৰ, বৃহস্পতিবাৰ আৰু ৰবিবাৰে পুৱা ৭:৪৫ বজাত নাহৰলগুনৰ পৰা যাত্ৰা আৰম্ভ কৰি দুপৰীয়া ২ বজাত তিনিচুকীয়াত উপস্থিত হ’ব। ওভটনি যাত্ৰাৰ দিশত এক্সপ্ৰেছখনে তিনিচুকীয়াৰ পৰা প্ৰতি বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু সোমবাৰে বিয়লি ৩:৩৫ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই নিশা ৯:৪৫ বজাত নাহৰলগুনত উপস্থিত হ’ব।
