উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সোমবাৰৰ পৰা আৰম্ভ হৈছে মহাকুম্ভ মেলা। ২৬ ফেব্ৰুৱাৰীলৈকে চলিব এই মহাকুম্ভ মেলা। প্ৰয়াগৰাজত প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহাকুম্ভ মেলা অনুষ্ঠিত হয়। সেই উপলক্ষে প্ৰয়াগৰাজক পুনৰ সজাই পৰাই আটকধুনীয়া কৰি তোলা হৈছে। এই মহাকুম্ভ মেলাত ৪৫ কোটিৰো অধিক ভক্তই অংশগ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।
গংগা, যমুনা আৰু অন্থছালিলা সৰস্বতীৰ পৱিত্ৰ সংগমস্থলত ভক্তসকলে পবিত্ৰ স্নান কৰিবলৈ সমবেত হয়। ইতিমধ্যে প্ৰয়াগৰাজত পবিত্ৰ স্নানৰ বাবে সমবেত হৈছে লাখ লাখ লোক।
শনিবাৰৰ পৰা মহাকুম্ভ মেলাত সন্ত আৰু সন্ন্যাসীৰ ভিৰ আৰম্ভ হৈছে। কিন্তু তেওঁলোকৰ ভিতৰত আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰা সুন্দৰী সন্ন্যাসিনী হ’ল হৰ্ষ ৰিচাৰিয়া।
মহাকুম্ভৰ অনুষ্ঠানত হৰ্ষক দেখা পাই এতিয়া সৰ্বত্ৰ চৰ্চিত হৈছে তেওঁ। কিন্তু কোন এই হৰ্ষ?
জানিব পৰা মতে, হৰ্ষৰ ঘৰ উত্তৰখণ্ডত। তেওঁ নিজকে ‘এংকৰ হৰ্ষ’ বুলি পৰিচয় দিছিল। সামাজিক মাধ্যমত তেওঁ প্ৰায়ে তেওঁৰ অভিনীত ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
ইনষ্টাগ্ৰামতো আছে তেওঁৰ যথেষ্ট অনুৰাগী। হৰ্ষৰ বিদেশ ভ্ৰমণৰ বহু ছবি তেওঁৰ ইনষ্টাগ্ৰাম পেজত আছে। ২০২৪ চনৰ নৱেম্বৰ মাহত বেংককৰ হুয়া হিন চহৰত হৰ্ষই ‘ডেষ্টিনেচন’ বিয়াৰ আয়োজন কৰিছিল। ইয়াৰ পিছত ম্যানমাৰৰ মণ্ডলয়তো ‘ডেষ্টিনেচন’ বিয়াৰ আয়োজনো কৰিছিল।
অৱশ্যে, হৰ্ষৰ বৰ্তমানৰ “সাধ্বী” ৰূপক সমালোচনা কৰিছে একাংশই। তেওঁলোকৰ মতে এইয়া কেৱল তেওঁৰ মানুহক দেখুৱাই অধিক জনপ্ৰিয় হোৱাৰ অভিসন্ধি। অনুৰাগীৰ সংখ্যা বৃদ্ধিৰ কৰাৰ উদ্দেশ্যে তেওঁ মহাকুম্ভ মেলাত সাধ্বী ৰূপ ধাৰণ কৰা বুলিও কৰিছে সমালোচনা।
