সমগ্ৰ দেশ কপাইছিল কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ জঘন্য ধৰ্ষণ আৰু হত্যা কাণ্ডই। দেশ কঁপোৱা এই আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল সঞ্জয় ৰয়। সোমবাৰে সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড দিলে আদালতে।
শনিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল সঞ্জয় ৰয়ক। লগতে সঞ্জয় ৰয়ক ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হয়। শিয়ালদহ আদালতে ঘোষণা কৰে সঞ্জয় ৰয়ৰ শাস্তি। আৰ জি কাৰ ধৰ্ষণ-হত্যাৰ গোচৰত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে শিয়ালদহ আদালতে।
উল্লেখ্য যে ২০২৪ বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ হাস্পতালত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। যি কাণ্ডই চকু সেমেকাইছিল দেশৰ সকলোৰে। এই জঘন্য ঘটনাৰ ৫ মাহ পাছত কলকাতাৰ শিয়ালদহ আদালতে ঘোষণা কৰিলে দোষীৰ শাস্তি।
সোমবাৰে বিয়লি ন্যায়াধীশ অনিৰ্বান দাসে ভাৰতীয় দণ্ডবিধিৰ তিনিটা ধাৰাত — ৬৪, ৬৬ আৰু ১০৩(১) — সঞ্জয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
