দুটা শব্দ মাত্ৰ – এটা হৈছে শক্তি বা উৰ্জা ৷ আনটো হৈছে শিৱ অৰ্থাৎ পৰম চেতনা ৷ এই উৰ্জা আৰু চেতনা সকলোৰে মাজত আছে ৷ কিন্তু ক’ত থাকে ? কেনেকৈ থাকে ? গন্ধ, ৰস, ৰূপ, স্পৰ্শ আদি অনুভৱৰ মাজত হাড়, মঙহ, তেজ, পানীৰে (পঞ্চভূতেৰে) গঠিত শৰীৰটোৰ ডাঠ আভৰণৰ মাজত শক্তিয়ে নিজৰ আচল শক্তি পাহৰি মেৰুদণ্ডৰ একেবাৰে তলত কুণ্ডলী পকাই সাপৰ দৰে মেৰ খাই শুই থাকে বুলি কোৱা হয় ৷ ই শুই থাকে কাৰণেই শৰীৰৰ পাঁচো ইন্দ্ৰিয়ই আমাক দেখিবলৈ, শুনিবলৈ বা অনুভৱ কৰিবলৈ দিয়া কথাবোৰকেই আমি কেৱল সৰ্বস্ব বুলি ভাবি ভ্ৰমিত হৈ থাকো ৷ ইয়াৰ ওপৰত, ইয়াৰ বাহিৰত আমি একো দেখা নাপাওঁ ৷ একো শুনা নাপাওঁ ৷ একো বুজি নাপাওঁ ৷ পঞ্চইন্দ্ৰিয়ই দিয়া জ্ঞানৰ মাজতেই সীমিত হৈ থাকি আচলতে আমি অজ্ঞান হৈ থাকো বুলিলেও ভুল নহয় ৷ ইয়াৰ ঠিক বিপৰীতে আমাৰ মূৰতেই অৱস্থিত হৈ থাকে – শিৱ ৷ শিৱ মানে হ’ল পৰম চেতনা ৷ অৱশ্যে আমাৰ মূৰত ই শিৱ হৈ নাথাকে ৷ শক্তিৰ পৰা আঁতৰত থাকে বাবে শিৱ সমাধিস্থ হৈ শৱহে হৈ থাকে ৷ চেতনা থাকিও চেতনা নাই ৷ ঠিক যেন মৃত্যুৰ দৰে ৷ কিন্তু শক্তিয়ে যদি জাগৰিত হৈ উৰ্ধগামী গতিৰে আহি মূৰত মিলিত হৈ পৰে তেতিয়া সমাধিস্থ হৈ থকা শিৱ জাগি উঠে ৷ চেতনা জাগি উঠে ৷ এতিয়া শক্তিক শিৱৰ সৈতে কেনেকৈ লগ খুৱাব ? আগৰ দিনৰ দৈৱবাণী “তপঃ“ৰ ঠাইত আজিৰ দিনত সাধাৰণভাৱে ইয়াৰ উত্তৰ হ’ব নিয়মিত ধ্যান আৰু যোগাভ্যাস ৷ এজন দক্ষ গুৰু যদি থাকে তেওঁৰ অধীনত ভূত সিদ্ধি (mastering the five elements) ক্ৰিয়াৰে আৰম্ভ হ’ব পাৰে শক্তি জাগৰণৰ বা কুণ্ডলিনী জাগৰণৰ প্ৰক্ৰিয়া ৷ ভূত সিদ্ধি মানে হ’ল বিশেষ ক্ৰিয়াৰ দ্বাৰা শৰীৰৰ পঞ্চভূতৰ ওপৰত বিজয় প্ৰাপ্তি কৰা ৷ অৱশ্যে, যিহেতু কেৱল এজন গুৰুৱেহে আৰম্ভ কৰাই দিব পাৰে এই ক্ৰিয়া, সেয়ে ইয়াত মই একেবাৰেই ভূত সিদ্ধিৰ কথা ক’ব বিচৰা নাই ৷ ক’ব বিচাৰিছোঁ কেৱল প্ৰাণায়ামৰ কথা, যি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে নিজেই ঘৰত কৰিব পাৰে ৷ আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰত প্ৰায় ৭২,০০০ টা নাড়ী থাকে ৷ এই নাড়ীবোৰ হৈছে একো একোটা সুক্ষ্ম পথ (channel), যাৰ মাজেৰে শৰীৰত প্ৰাণশক্তি প্ৰৱাহিত হৈ থাকে। আমাৰ শৰীৰৰ ন টা দুৱাৰ স্বৰূপ – দুটা চকু, দুটা নাসাৰন্ধ্ৰ, দুখন কাণ, এখন মুখ, এটা মলদ্বাৰ, এটা যৌনদ্বাৰ- এই নখন দুৱাৰেদি প্ৰাণ সোমাই আহিব পাৰে বা ওলাইয়ো যাব পাৰে ৷ এতিয়া প্ৰাণায়ামতনো কি কৰা হয় ? প্ৰাণায়াম কৰোতে চকু বন্ধ ৰাখি এটা বিশেষ মুদ্ৰাৰে সোঁ নাসাৰন্ধ্ৰৰে উশাহ গভীৰকৈ ভিতৰলৈ টানি আনি কিছু সময়লৈ শ্বাস ধৰি ৰখা হয় । তাৰপাছত, দীঘলকৈ বাওঁ নাসাৰন্ধ্ৰৰে শ্বাস এৰি দিয়া হয় ৷এই প্ৰক্ৰিয়াত ভিতৰলৈ টানি অনা বায়ুৱে সোঁফালেৰে (সূৰ্য) সোমাই আহি বাওঁফালেৰে (চন্দ্ৰ) ওলাই যায় ৷ এই সক্ৰিয় সোঁ আৰু বাওঁ ফালতেই ঘটে – the perfect balance between the right and left ! The perfect balance between the sun and moon energy in our body ! নিতৌ যদি এই অভ্যাস কৰা হয়, এই শ্বাস নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়াত ওলোৱা সোমোৱা কৰা বায়ুৱে মেৰুদণ্ডৰ তলত কুণ্ডলী পকাই শুই থকা প্ৰাণৰ জুইকুৰাত (শক্তিক) বা দিবলৈ ধৰে ৷ শক্তি বাধ্য হৈ পৰে মেৰুদণ্ডৰ তলৰ পৰা ওপৰলৈ মূৰৰ দিশে বৈ আহিবলৈ ৷ ঠিক যেনেকৈ বিচনীৰে বলাই দিয়া বতাহৰ বাত ভালকৈ জ্বলি উঠে বা লহপহাই নাচি উঠে একুৰা জুই ! শুই থকা এই প্ৰাণৰ জুই (শক্তি) লাহে লাহে ওপৰলৈ উঠি আহে ৷ ওপৰলৈ উঠি আহি ই শিৱৰ গাত লতাৰ দৰে মেৰিয়াই বগাই উঠি মিলিত হৈ পৰে ৷ শক্তিৰ বাবে শিৱৰ লগত মিলিত হোৱাতকৈ অধিক আনন্দৰ কথা আৰু কি থাকিব পাৰে ? শিৱও শৱ অৱস্থাৰ পৰা লাহে লাহে জাগি উঠে ৷ শিৱই সতীক বাওঁ উৰুত বহুৱাই লোৱাৰ দৰেই আমাৰ মূৰৰ শিৱই মেৰুদণ্ডৰ তলৰ পৰা বিদ্যুৎ লতাৰ দৰে উঠি অহা শক্তিক মৰমেৰে স্থান দিয়ে ৷ শক্তি আৰু শিৱ যেতিয়া একেলগ হয় ইয়াকেই কোৱা হয় পূৰ্ণ চেতনা ৷ The real intelligence ! The absolute consciousnesses ! ইয়েই হ’ল কুণ্ডলীনি জাগৰণ ৷কুণ্ডলীনি জাগৰণৰ এই ষ্টেজলৈ যি আহি পাইছে তেওঁ জানিব যে – ইয়েই হ’ল মেডিটেশ্যনৰ ecstasy ৷ কোৱা হয় যৌন সংগমত অনুভৱ হোৱা সুখৰ অনুভৱতকৈ মেডিটেশ্যনৰ এই ecstasy বহু ওপৰত ৷ যৌন সংগমৰ শেষত হোৱা orgasm ত শক্তি বাহিৰলৈ নিৰ্গত হয় ৷ কিন্তু মেডিটেশ্যনৰ এই orgasm ত শক্তি মূৰলৈ উৰ্ধগামী হয় ৷ (কোৱা হয়, সমাধিস্থ হৈ থকা শিৱই এই ecstasy তেই ক’ব নোৱাৰাকৈয়ে নটৰাজ হৈ উঠে ৷)এই মুহূৰ্তত বাহিৰৰ পৃথিৱীখনৰ judgement গুৰুত্বপূৰ্ণ নহয় ৷ ইমানদিনে বাহিৰৰ পৃথিৱীৰ হুলস্থুলত মই মই বুলি নিজৰ অস্তিত্ব বিচাৰি হাহাকাৰ কৰি আছিল ৷এতিয়া বুজি উঠে যে – আচলতে গোটেই পৃথিৱীখনেই দেখোন শক্তিৰূপে নিজৰ মাজতেই আছে ৷ বাহিৰৰ পৃথিৱীৰ মাজত নিজক নহয়, বৰঞ্চ নিজৰ মাজত বাহিৰৰ পৃথিৱীকেই দেখা পোৱা যাব ৷ সেয়ে হয়তো কোৱা হয় -Universe বুলি বেলেগে একো নাই our mind is the universe !নতুবা, আমাৰ চিন্তাৰেই আমি সৃষ্টি কৰিব পাৰো এখন বিশাল ব্ৰহ্মাণ্ড ৷ পূৰ্ণ চেতনাৰে এতিয়াৰপৰা শক্তিয়ে শুদ্ধ দিশ পাব ৷ শক্তি আৰু অন্য কোনো মায়া বা ভ্ৰমত আবদ্ধ হৈ নাথাকে ৷ সেইবাবেই মানুহ শান্ত হৈ পৰে ৷ নিজক সঁচা অৰ্থত বুজি উঠে ৷ অঘৌৰি বিমলানন্দই কৈছে – তাৰ আগত সেই আভ্যন্তৰীন “eye” (চকু) টো নোহোৱাকৈয়ে “I” “I” (মই মই) কৰি প্ৰকৃত মইটোক নুবুজাকৈয়ে আমি অহংকাৰত মজি থাকো ৷ ভ্ৰমিত হৈ নিজক নুবুজি দুখত ভুগি থাকোঁ ৷ সুখ বুলি উপঙি থাকো ৷ অহংকাৰ কৰি থাকো ৷এই আভ্যন্তৰীন দৰ্শন “eye” টোৱেহে আচল “I” অৰ্থাৎ প্ৰকৃত মই টোৰ সৈতে চিনাই দিয়ে ৷ এই অভিজ্ঞতা মানুহে কি কেৱল সন্যাসী ব্ৰহ্মচাৰী হ’বলৈকেই বিচাৰে নেকি ? নাই ৷ এই অভিজ্ঞতা মানুহে বিচাৰে – প্ৰকৃত অৰ্থত নিজক বুজি পাবলৈ ৷ self love ৰ আচল কনচেপ্ট বুজি সেইমতেই আভ্যন্তৰীন আনন্দ উপভোগ কৰিবলৈ ৷ দুখত নিমজ্জিত নহ’বলৈ ৷ সময় অপব্যয় নকৰিবলৈ ৷ সুখত উটি ভাহি নোযোৱাকৈ balance হৈ থাকিব পৰাকৈ ৷ আত্মাৰ উদ্দেশ্যেক বুজি সেইমতে কাম কৰি যাব পৰাকৈ ৷ কাৰণ – কোৱা হয় যে আত্মাৰ উদ্দেশ্যে প্ৰাপ্তিতেই জীৱনৰ আচল অৰ্থ ৷ তাতেই আচল সুখ ৷ উদাহৰণ স্বৰূপে – জয় শেট্টিৰ কথা ক’ব পাৰোঁ ৷ বিদেশৰ আৰাম বিলাসৰ জীৱন এৰি ভাৰতত চুলি খুৰাই গেৰুৱা বস্ত্ৰ পিন্ধি তেওঁ কেবাবছৰো সন্যাস লৈছিল ৷ তাৰপাছত তেওঁৰ জীৱনৰ গ্ৰাফৰেখাডাল হয়তো আজি নজনা মানুহ নাই ৷ ইয়াৰ আগত হেনো তেওঁ এটা সম্পূৰ্ণ বেলেগ মানুহ আছিল ৷ আজিৰ জয় শেট্টিৰ ব্যক্তিত্ব হেনো সন্যাসী হোৱাৰ আগৰ জয় শেট্টিৰ ব্যক্তিত্ব নহয় ৷ (কোৱা বাহুল্য যে এতিয়া তেওঁ বিবাহিত ৷) অৱশ্যে এইটোও সঁচা যে পৰম চেতনা লাভ কৰিলে সম্পূৰ্ণ বস্তুবাদী মোহ মায়া এৰি মানুহে শৰীৰত ছাই বিভূতি সনা অঘৌৰিৰ দৰে শ্মশানবাসীয়ো হৈ পৰিব পাৰে ৷ শিৱৰ নিচাত ডুবিব পাৰে ৷ তপস্যাত ডুবি মৈত্ৰেয়া বুদ্ধ, বাল্মিকী, ব্যাসদেৱৰ দৰে পৰম জ্ঞান লাভ কৰা ভগৱান স্বৰূপো হৈ পৰিব পাৰে ৷ এইখিনি লিখি থাকোতে ফেৰাৰী বেচা CEO জনৰ কাহিনী মনলৈ আহিছে ৷ নিউজফিডত ঘূৰি থকা মহাকুম্ভলৈ অহা IIT পাছড আউট ডেকা অঘৌৰিজনৰ কথাও মনলৈ আহিছে ৷ আচলতে – জীৱনত বিফল হোৱা বাবেই এয়া তেওঁলোকৰ লাষ্ট বা সহজ অপচন বুলি নিউজফিডত ব্যংগ post একোটা ঘূৰি থকাৰ দৰে কথাবোৰ নহবও পাৰে ৷ এয়া বহু ক্ষেত্ৰত হ’ব পাৰে জীৱনৰ একমাত্ৰ মূল চইচ যি নিজেই কৰিছে ৷ একান্ত ইচ্ছাৰে ৷CEO হ’বলৈ, IIT পাছড আউট হ’বলৈ চইচ কেৱল এজনৰ নহ’বও পাৰে ৷ ইয়াৰ পিছত সমগ্ৰ পৰিয়াল এটা থাকিব পাৰে৷ কিন্তু সন্যাসী হৈ হিমালয়ৰ গুহাত থাকিবলৈ বা অঘৌৰি হৈ শ্মশানবাসী হোৱাটো সেয়া একমাত্ৰ নিজা choice ৰ বাদে আন একো হ’ব নোৱাৰে ৷
লিখক- ভৱানী পেগু
