লখিমপুৰ জিলা পৰিবহণ কাৰ্যালয়তো আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰে। পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা পৰিবহণ বিষয়া শ্ৰীমন্ত বৰাই।
তেওঁ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ আজিৰ দিনটোতে কাৰ্যকৰী হৈ বৰ্তমানলৈকে দেশৰ অখণ্ডতাৰ প্ৰতীক হৈ থকা বুলি ব্যক্ত কৰে। ইয়াৰ পিছতে কাৰ্যালয়টোত বিভিন্ন কাৰ্যসূচীৰে গণৰাজ্য দিৱসটি উদযাপন কৰে।
