আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস । দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰতো লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হয় গণৰাজ্য দিৱস।
অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে বিভিন্ন কাৰ্য্যসূচীৰে আজিৰ এই বিশেষ দিনটোত উদযাপন কৰে।
আৰক্ষী, এন চি চি কেডেট,স্কাউট গাইড, বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ লয়।
চৰকাৰৰ বিভিন্ন বিভাগৰ ৰূপায়ন কৰা অভিলাষী আঁচনিসমূহৰ প্ৰতীকপট প্ৰদৰ্শন কৰে।
