সম্পৰ্কীয় বাতৰি

অসম সাহিত্য় সভাৰ পাঠশালাৰ বজালী অধিৱেশনত অভিনেতা যতীন বৰাৰ “এক বিশেষ সামগ্ৰী” দেখা পোৱা গৈছে। পিছে কি এই বিশেষ সামগ্ৰী?

সেইয়া হৈছে যতীন বৰাই এখন থিয়েটাৰত ব্য়ৱহাৰ কৰা এজোৰ বিশেষ জোতা। যিযোৰ জোতাত অভিনেতাজনক দেখা পোৱা গৈছিল বাওনা ৰূপত।

২০০৭ চনত ৰতন লহকৰৰ এক সাহসিক প্ৰযোজনাত কহিনুৰ থিয়েটাৰত অভিজিৎ ভট্টাচাৰ্য্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে এখন মঞ্চস্থসফল হোৱা নাটক ‘অবুজ দৰা অচিন কইনা’ত বাওনা মানুহৰ ৰূপত অভিনয় কৰিছিল তেওঁ। সেই নাটকত তেওঁ ভৰিৰ জোতা আঁঠুত পিন্ধি হৈছিল ৪ ফুটৰ এজন বাওনা ব্য়ক্তি।

অভিনেতা যতীন বৰাই সামাজিক মাধ্য়মত জনোৱা মতে, “সেই নাটকখনত প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণৰ মঞ্চত একেলগে অভিনয় কৰিছিলোঁ আৰু বৰষাই। নাটকখন এইবাবেও আছিল আমাৰ বাবে বৰ বিশেষ কিয়নো একেখন নাটকৰে তিনিটা ভিন্ন চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। তাৰে এটি চৰিত্ৰত মই বাওনা মানুহৰ ৰূপ ল’ব লগীয়া হৈছিল। এই গোটেই প্ৰচেষ্টাখিনি আছিল আমাৰ সকলোৰে বাবে বৰ প্ৰত্যাহ্বানমূলক। কিন্তু শ্ৰদ্ধাৰ ৰতন দাৰ সাহসতেই এই পৰীক্ষাত আমি যেন উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিলোঁ। ৫ ফুট ৯ ইঞ্চিৰ এজন মানুহক মঞ্চত ৪ ফুটীয়া ৰূপত উপস্থাপন কৰাৰ যি অসাধ্য সাধন কৰা হৈছিল ইয়ে আমাক আজিয়ো ৰোমাঞ্চিত কৰে। ভৰিৰ জোতা আঁঠুত পিন্ধি লৈ খোজকঢ়া সেই অনুভৱ আজিও সজীৱ হৈ আছে। এই নাটকখনৰ কাৰিকৰী দিশ জেবিন হাজৰিকাৰ তত্বাৱধানত কৰা হৈছিল। আজি পুনৰবাৰ তেওঁকো যাচিলোঁ অশেষ ধন্যবাদ।”

উল্লেখ্য় যে বৰ্তমান পাঠশালাত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনখনি আৰম্ভ হৈছে। তাতে ‘অবুজ দৰা অচিন কইনা’ নাটকখনত যতীন বৰাৰ বাওনা চৰিত্ৰটিয়ে পৰিধান কৰা জোতাযোৰ প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে।

0Shares