মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম খন সম্পূৰ্ণ বাজেট। আজি নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট।
১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত আয়কৰ আৰোপ কৰা নহ’ব। বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে সকাহ দিয়াৰ কথা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
তেওঁ কয় যে চৰকাৰ মধ্যবিত্ত শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে এই সিদ্ধান্ত লোৱা হৈছে।
বছৰি ১২ লাখ টকালৈ আয়কৰ ৰেহাই দিছে কৰৰ ক্ষেত্ৰত। অৰ্থাৎ ১২ লাখ টকাৰ উপাৰ্জনত কৰ দিব নালাগে। ১২ৰ পৰা ১৫ লাখ টকাৰ আয়ত ১৫ শতাংশ কৰ দিব লাগিব। ১৫ৰ পৰা ২০ লাখ টকাৰ আয়ত ২০ শতাংশ আৰু ২০ৰ পৰা ২৫ লাখ টকাৰ আয়ত ২৫ শতাংশ দিব লাগিব।
