বৰ্তমান প্ৰয়াগৰাজৰ মহাকুম্ভৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত এগৰাকী মুছলমান মহিলাই ঔষধ, খাদ্য আৰু পানী বিতৰণ কৰি প্ৰয়োজনীয় লোকসকলক সহায় কৰা দেখা গৈছে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ ফলত মানুহে মহিলা গৰাকীৰ পৰিচয়ৰ বিষয়ে বিভিন্ন উৎসযোগে সোধা-পোছা কৰিবলৈ আৰম্ভ কৰিছে। কিয়নো মহিলা গৰাকীয়ে নিঃস্বাৰ্থভাৱে আনক সেৱা আগবঢ়াই আহিছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই মুছলমান মহিলাগৰাকী হৈছে উজমা চৈয়দ, যি ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ ওলাই আহিছিল। উজমাই প্ৰয়াগৰাজৰ কুম্ভমেলাত ভক্তসকলক খাদ্য, পানী আৰু ঔষধৰ কিট প্ৰদান কৰি আছে। তেওঁ প্ৰয়োজনীয় লোকসকলক সহায় কৰি আছে।
ভাইৰেল ভিডিঅ’টোত উজমা চৈয়দ পাৰবীনে গাড়ীৰ ট্ৰাংকৰ পৰা সামগ্ৰীবোৰ উলিয়াই মানুহক বিতৰণ কৰা দেখা গৈছে। তেওঁ মানুহৰ মাজত মাটিত বহি প্ৰয়োজন হোৱা লোকসকলক কিট, ঔষধ, খাদ্য আৰু পানী যোগান ধৰিছে।
