সম্পৰ্কীয় বাতৰি

সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক দ্বি- বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন।

খোল,তাল,মৃদংগৰ ধ্বনিত প্ৰাণৱন্ত হৈ পৰিল ঢকুৱাখনাৰ বাঁহপৰাৰ নিত্যানন্দ দেৱ গোস্বামী সমন্বয় ক্ষেত্ৰ।

মায়ামৰা সমাজৰ আধ্যাত্মিক ৰীতি-নীতিৰে এক উৎসৱমুখৰ পৰিৱেশত আজি স্থাপন কৰা হয় অধিৱেশনৰ লাইখুঁটা।

মায়ামৰা সমাজৰ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত আয়তীৰ উৰুলী ,হৰি নামৰ ধ্বন্নি আৰু মৃদং-তালৰ শব্দই সৃষ্টি কৰা এক আধ্যাত্মিকতাৰ পৰিৱেশত আনুষ্ঠানিক ভাৱে লাইখুঁটা স্থাপন কৰে দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুতা নন্দ দেৱ গোস্বামীৱে।

ঢকুৱাখনা আৰু ধেমাজি জিলা মায়ামৰা সাংস্কৃতিক সমাজৰ সৌজন্যত ২২ মাৰ্চৰ পৰা ঢকুৱাখনাৰ বাঁহপৰাত অনুষ্ঠিত হ’ব ৩৮ সংখ্যক দ্বি- বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন।

0Shares