অলপতে বলীউড অভিনেতা ছেইফ আলী খানৰ ঘৰত সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যি আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল অভিনেতজন। বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে। এই ঘটনাৰ কিছুদিন পিছত ছেইফে এক সাক্ষাৎকাৰত সমগ্ৰ ঘটনাৰ কথা বিৱৰি কৈছিল। সেই সাক্ষাৎকাৰটোত তেওঁ পুত্ৰ জেহৰৰ বিষয়েও কৈছিল কিছু কথা।
তেওঁ কয় যে- “আক্ৰমণৰ পিছত জেহে মোক প্লাষ্টিকৰ তৰোৱাল এখন দি কৈছিল, অহাবাৰ চোৰ আহিলে মোৰ বিচনাৰ ওচৰতে এইখন ৰাখিবলৈ। জেহে আৰু কয় যে গীতাই আব্বাক ৰক্ষা কৰিলে আৰু আব্বাই মোক ৰক্ষা কৰিলে।”
ছেইফে কয় যে- “আক্ৰমণকাৰীয়ে ঘৰলৈ আহি তেওঁলোকৰ সৈতে কাজিয়া কৰি থকাৰ সময়তে জেহ সাৰ পাইছিল। হয়তো সি এই সকলোবোৰ দেখিছিল। মোৰ ডাঙৰ ল’ৰা টাইমূৰে মোৰ গাত তেজ দেখি সুধিছিল, তুমি মৰিবা নেকি? তেতিয়া মই কলো- নাই।”
এই ঘটনাৰ পিছত ছেইফ পাঁচ দিন লীলাৱতী চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তাত তেওঁৰ দুটা অস্ত্ৰোপচাৰ কৰা হৈছিল। অপাৰেচনৰ সময়ত তেওঁৰ পিঠিত এটুকুৰা চুৰীও উদ্ধাৰ হয়। অৱশ্যে এতিয়া তেওঁ সুস্থ হৈছে আৰু তেওঁৰ আগন্তুক ছবিৰ বাবেও কাম আৰম্ভ কৰিছে। শেহতীয়াকৈ ‘জুৱেল থিফ’ৰ প্ৰচাৰৰ সময়ত দেখা গ’ল তেওঁক।
