বলীউডৰ ছুপাৰষ্টাৰ মানেই বিলাসী জীৱন যাপন। ব্যয়বহুল লাইফষ্টাইলৰ বাবে সদায় বিখ্যাত তেওঁলোক বা তেওঁলোকৰ পৰিয়াল। কিন্তু তাৰ ব্যতিক্ৰমো আছে বলীউড জগতত। সেই জগতৰ এনে কিছুমান মানুহ আছে যিয়ে অতি সৰল জীৱন যাপন কৰি ভাল পায়।
তেখেতৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব?
যাৰ পিতৃক সমগ্ৰ বিশ্বৰে ষ্টাৰ। তেখেত আন কোনো নহয়। তেওঁৱেই মিষ্টাৰ পাৰফেক্টচনিষ্ট আমিৰ খানৰ পুত্ৰ জুনেইদ খান। বৰ্তমান জুনেইদ নতুন ছবি “লাভ য়া পা”ৰ বাবে সৰ্বত্ৰ চৰ্চিত হৈ আছে। এই চিনেমাখনত জুনেইদৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনী কাপুৰ আৰু শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰে। বৰ্তমান দুয়োজনে নিজৰ ছবিখনৰ প্ৰচাৰ চলাই আছে।
শেহতীয়াকৈ জুনেইদ আৰু খুশীক নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে এটা ইউটিউব চেনেলৰ সাক্ষাৎকাৰত দেখা গৈছিল। তাত অভিনেতাজনক সোধা হৈছিল যে তেওঁ কিয় অটো আৰু বাছত যাত্ৰা কৰি ভাল পায়।
উত্তৰত জুনেইদে কয় যে তেওঁৰ ঘৰত বহু বাহন আছে ইচ্ছা কৰিলে তেওঁ যিকোনো এখন গাড়ী লৈ যাব পাৰে, কিন্তু তেওঁ ৰিক্সাত যাত্ৰা কৰাটো সুবিধাজনক বুলি ভাবে।
