শেহতীয়াকৈ অসমত তোলপাৰ লগা বিষয় হৈছে বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তি প্ৰক্ৰিয়া।
বিধানসভাৰ মজিয়াত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ আনিছিল যে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে ২০১১ বৰ্ষত বি. বৰুবা কলেজত লাভ কৰা নিযুক্তিত আছে বিসংগতি।
প্ৰকৃত মেধাক বঞ্চিত কৰি চাকৰি পাইছিল গীতাশ্ৰী তামুলীয়ে।
অখিল গগৈলৈ আঙুলি তুলি এই কথা কৈছিল মুখ্য়মন্ত্ৰীয়ে।
ইয়াৰ পিছতেই সৰৱ হৈছিল বিধায়ক অখিল গগৈ। বিধায়ক গৰাকীয়ে কৈছিল যে ঘীতাশ্ৰী তামুলী স্নাতক আৰু স্নাতকোত্তৰত আছিল গল্ড মেডেলিষ্ট। তেওঁ আৰু পত্নীয়ে এই সন্দৰ্ভত অনুসন্ধানৰ বাবে আবেদন কৰিছিল মুখ্য়মন্ত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয়ত।
ইয়াৰ পিছতেই আজি এই সন্দৰ্ভত সংবাদ মাধ্য়মৰ আগত মুখ খোলে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে।
তেওঁ কয় যে, গীতাশ্ৰী তামুলী কেৱল একমাত্ৰ গল্ড মেডেলিষ্ট নাছিল। সেইটো ভুল তথ্য়। ২০২৩ চনৰ পৰাহে ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ত গল্ড মেডেলিষ্টৰ ধাৰণাটো আহিছে। তেওঁ যে মেধাসম্পন্ন আছিল সেইটো সঁচা। তাত প্ৰশ্ন নাই। তেওঁ হায়াৰ চেকেণ্ডাৰীত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। ২০১১ বৰ্ষত যেতিয়া তেওঁ বি বৰুৱা কলেজত চাকৰি পাইছিল তেতিয়া তেওঁৰ এম ফিল বা পি এইছ ডি ডিগ্ৰী নাছিল।
