কিছুদিন ধৰি চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে ইটোৰ পিছত সিটো ভালখবৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে অষ্টম দৰমহা আয়োগত। ২০২৬ত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’লে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৰ্তমান পাই থকাৰ তুলনাত প্ৰায় ৩০, ৪০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে। কিন্তু ই নিৰ্ভৰ কৰিব ফিটমেন ফেক্টৰৰ ওপৰত। পিছে তাৰ পূৰ্বেই আকৌ এবাৰ ভালখবৰ আহিছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকললৈ।

আগন্তুক হোলীৰ পূৰ্বেই বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ ডিএ। উল্লেখ্য যে, সপ্তম দৰমহা আয়োগৰ অধীনত বছৰত দুবাৰকৈ DA বৃদ্ধি কৰা হয়। প্ৰথম DA বৃদ্ধি ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় আৰু দ্বিতীয় DA বৃদ্ধি ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হয়। এতিয়া মাৰ্চ মাহত হোলীৰ পূৰ্বেই চৰকাৰে জানুৱাৰী ২০২৫ৰ পৰা কাৰ্যকৰী হবলগীয়া ৪ শতাংশ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে।

যদি কেন্দ্ৰীয় চৰকাৰে হোলীৰ পূৰ্বেই কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে তেন্তে অসম চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ ঘোষণা হোলীৰ আগে পিছে কৰিব পাৰে।

0Shares