মহাকুম্ভৰ আজি অন্তিম দিন। ৪৫ দিনীয়া এই মহাকুম্ভ মেলাত আজি ভক্তই কৰিব অন্তিমটো স্নান। ইফালে আজি মহা শিৱৰাত্ৰি। গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলীত অন্তিমতো স্নান কৰিবলৈ নিশাৰ পৰাই ভিৰ কৰিছে ভক্তই।
তথ্য অনুসৰি মহাকুম্ভত ২৬ ফেব্ৰুৱাৰীৰ পুৱালৈকে স্নান কৰিলে প্ৰায় ৬৫ কোটি ভক্তই।মহাকুম্ভস্থলীত ভক্তৰ ভিৰ এইবাৰ ব্যাপক ৰূপত হোৱা পৰিলক্ষিত হয়। মহকুম্ভ মেলা প্ৰতি ১২ বছৰৰ মূৰত আয়োজন কৰা হয়।
কুম্ভমেলাত স্নান কৰিলে ভক্তৰ পাপখণ্ডন হয় বুলি লোকবিশ্বাস আছে। মহাকুম্ভ চাৰিটা প্ৰমুখ স্থান ক্ৰমে প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়ণ আৰু নাচিকত আয়োজন কৰা হয়। প্ৰয়াগৰাজৰ পিছত পৰৱৰ্ত্তী কুম্ভমেলা হৰিদ্বাৰত আয়োজন কৰা হ’ব।
