গহপুৰ গমিৰি গধৰীয়া বস্তিত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সদ্যসমাপ্ত পঞ্চায়তৰ সভাপতি সোমনাথ আৰ্জেল। সাতবছৰীয়া নাবালিকাক অপৰ্কম কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।
আমলখি খাবলৈ মাতি আনি সোমনাথ আৰ্জেলে তেওঁৰ নিজৰ ঘৰতে এই জঘন্য ঘটনা সংঘটিত কৰে বুলি অভিযোগ নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকৰ।
নিশা লম্পট সোমনাথ আৰ্জেলৰ ঘৰৰ চৌহদত দোষীক কৰায়ত্তৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰে ৰাইজ। অৱশেষত পৰিয়ালে লোকৰ এজাহাৰৰ ভিত্তিত লম্পট সোমনাথ আৰ্জেলক নিশাই গ্ৰেপ্তাৰ কৰে হেলেম আৰক্ষীয়ে।
ইতিমধ্যে ৮বছৰীয়া নাবালিকাগৰাকীক বিশ্বনাথলৈ চিকিৎসাৰ বাবে প্ৰেৰন কৰা হৈছে।আনহাতে ,দোষীক উপযুক্ত শাস্তিৰ দাবীত ৰাইজে নিশা উত্তপ্ত কৰি তোলে হেলেম থানাৰ চৌহদ।
