সম্পৰ্কীয় বাতৰি

লখিমপুৰ জিলাৰ তাৰিয়নী বনাঞ্চলৰ অন্তৰ্গত বগীনদী নৈস্থিত শিল-বালিৰ কোৱেৰীটো নিৰ্দিষ্ট কৰ পৰিশোধেৰে সুচাৰুৰূপে পৰিচালনা কৰাত অসম মাইনিং ডেভলপমেণ্ট কৰ্পৰেচন ব্যৰ্থ হোৱাত বৰ্তমান চৰকাৰীভাৱে কোৱেৰীটো বন্ধ ৰখা হৈছে যদিও দুটামান ধনৰ লোভত পৰি তাৰিয়নীৰ খণ্ড বন বিষয়াগৰাকীয়ে উক্ত কোৱেৰীটোৰ পৰা দৈনিক শিল-বালি আহৰণত দাঁতিকাষৰীয়া একাংশ ট্ৰেক্টৰৰ গৰাকীক সুযোগ আদায় দি আহিছে।

যাৰফলত কোৱেৰীটোত ধাৰাবাহিকৰূপত চলি থকা শিল-বালি খননৰ পৰিণতিত কোৱেৰীটোৰ সোঁপাৰে থকা গোপালপুৰ গাওঁখনৰ অস্তিত্ব ক্ৰমাৎ বিলুপ্তিৰ পথত আগবঢ়াৰ লগতে নামনি অংশত অৱস্থিত ঘূলিচুক, শৰণীয়া তথা ভঙাবিল গাঁও আৰু ৰে’ল দলংখনৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।

বৰ্তমান নৈখনত চোৰাংভাৱে তথা জধে-মধে শিল-বালিৰ খনন অব্যাহত ৰখাত খৰস্ৰোতা নৈখনৰ ঢলে আগত দিনত যিকোনো মূৰ্হূত্বতে ৰঙিয়া-মূৰ্কংচেলেক ব্ৰডগজ ৰে’লপথৰ উক্ত দলংখন ভাঙি নিয়াৰ স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে।

উল্লেখ্য যে, ২০১৫ বৰ্ষত এই নৈখনৰ বাঢ়নি পানীয়ে ৰে’লপথছোৱাৰ প্ৰায় ২০০ মিটাৰ অংশ খহাই নিয়াত ৰে’ল যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছিল। জানিব পৰা মতে, তাৰিয়নী নিৱাসী দিহিঙীয়া উপাধিৰ এগৰাকী ব্যক্তিৰ লগত গোপন বুজাবুজি কৰিয়ে বৰ্তমান তাৰিয়নীৰ খণ্ড বন বিষয়া গৰাকীয়ে বন্ধ অৱস্থাত থকা কোৱেৰীটোৰ পৰা অবৈধভাৱে দৈনিক শিল-বালি বিক্ৰী কৰি আহিছে।

বগীনদী কোৱেৰীত অবৈধভাৱে দৈনিক ৰে’ল দলংখনৰ দাঁতিকাষৰতে জধে-মধে শিল খনন অব্যাহত ৰখা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে যদিও এনে অবৈধ খনন ৰোধৰ প্ৰতি আজিকোপতি তিলমানো গুৰুত্ব প্ৰদান কৰা নাই লখিমপুৰৰ বন বিভাগে।

বৰ্তমান কোৱেৰীটোত অব্যাহত থকা শিল-বালি খননৰ ফলতে নামনি অংশৰ গাওঁসমূহৰ অস্তিত্ব নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে যদিও ৰাইজৰ জীৱন-জীৱিকাকো তূচ্ছ জ্ঞান কৰি বন বিষয়া-কৰ্মীসকলে কোৱেৰীটো অবৈধভাৱে পৰিচালনা কৰি অহাত গোপালপুৰ, ঘুলিচুক, শৰনীয়া, ৰতনপুৰ, ভঙাবিলকে ধৰি নামনি অংশৰ গাঁওবাসী ক্ষোভিত হৈ পৰিছে।

0Shares