অসমৰ সবাতোকৈ ব্যৰ্থ মন্ত্ৰীৰূপে পৰিচিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সময়োপযোগী পদক্ষেপৰ অভাৱ তথা দায়িত্বহীন ভূমিকাৰ পৰিণতিত লখিমপুৰ জিলাৰ সৰ্বত্ৰ এতিয়া চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি চলাহে পৰিলক্ষিত হৈছে।

জিলাখনত চোৰাং কাঠ ব্যৱসায়ীক দমন কৰা তথা বন বিভাগটোত দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মীৰ অপ্ৰতিৰোধ্য গতি ৰোধ কৰাত মন্ত্ৰীগৰাকীয়ে যি ব্যৰ্থতা প্ৰকট কৰি তুলিছে তাক লৈ আস্থাহীনতা প্ৰকাশ কৰিছে টি এম পি কেৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত নামনি ভীমপৰা আঞ্চলিক সমিতিয়ে।
আঞ্চলিক সমিতিখনে দাবী কৰা মতে, যদিহে মূখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই প্ৰকৃতাৰ্থত সেউজ অসমৰ অস্তিত্ব সূৰক্ষা কৰি ৰাখিব বিচাৰে তেন্তে অতিশীঘ্ৰে কোনো বন বিষয়া-কৰ্মীয়েই গুৰুত্ব প্ৰদান নকৰা অকৰ্মণ্য বনমন্ত্ৰীৰূপে পৰিচিত চন্দ্ৰমোহন পাটোৱাৰীৰ সলনি বিভাগটোৰ দায়িত্ব আন কোনো এগৰাকী কৰ্মঠ মন্ত্ৰী কিম্বা বিধায়ককহে অৰ্পণ কৰিবলৈ দাবী উত্থাপন কৰিছে। ইয়াৰ অন্যথা বৰ্তমানৰ বনমন্ত্ৰীগৰাকীৰ দ্বাৰা বিভাগটোক দূৰ্নীতিমূক্ত বিভাগৰূপে গঢ় দিয়াটো মূখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ বাবে কোনোদিনেই সম্ভৱ হৈ নুঠিব বুলি আঞ্চলিক সমিতিখনে জানিবলৈ দিছে।

উল্লেখ্য যে, বৰ্তমান জিলাখনৰ কাকৈ, তাৰিয়নী তথা দুলুং বনাঞ্চলৰ সমান্তৰালভাৱে সোৱণশিৰি নৈপৰীয়া ভীমপৰা আৰু ঘুনাসুঁতি অঞ্চলত চোৰাং কাঠৰ ব্যৱসায় ভয়াৱহ হাৰত বৃদ্ধি পাইছে। ঘুনাসুঁতিৰ বিভিন্ন অঞ্চলৰ সমান্তৰালভাৱে ভীমপৰাৰ টাকুগাঁও, গেৰেকী, নামনি দৰ্গে, মেৰগাঁও, ঘাগৰমুখ-তিনিচুকীয়াকে ধৰি প্ৰায় সংখ্যক গাঁৱতে বৰ্তমান লখিমপুৰ নগৰত চোৰাং কাঠৰ ব্যৱসায় চলাই থকা কেইগৰাকীমান ব্যৱসায়ীয়ে স্থানীয় একাংশ ধনলোভী যুৱকৰ লগত মিলি দিনে-নিশাই শিমলু, আজাৰ আদি মূল্যবান গছ কাটি এফালৰপৰা তহিলং কৰিছে যদিও ইয়াক লৈ কাণসাৰ নাই জিলাখনৰ বন বিভাগটোৰ।
ভীমপৰাত এনেদৰে মূল্যবান গছ কাটি তহিলং কৰা চোৰাং ব্যৱসায়ীসকলে এইসমূহ কাঠ মেলেং সাঁজি তথা মেচিন নাৱৰ জৰিয়তে সোৱণশিৰি নৈৰ বুকুৰে দৈনিক নিশাৰভাগত ভীমপৰা বৰঘাট, গেৰেকী-ভূৰবন্ধা ঘাট, নামনি দৰ্গে-ঘাগৰ ঘাট, নামনি দৰ্গে-বধাকৰা ঘাট আৰু নামনি দৰ্গে-আজাদ ৰাজখোৱা গাঁও সংযোগী ঘাটেৰে লখিমপুৰ নগৰ অভিমুখে সৰবৰাহ কৰি আহিছে যদিও জিলাখনৰ বন বিভাগৰ বিষয়া-কৰ্মীসকলে উল্লিখিত পাৰঘাটকেইটাত দৈনিক অভিযান চলোৱাৰ সলনি বিভাগীয় কাৰ্যালয়ত বহিয়ে নিজৰ দায়িত্ব তথা কৰ্তব্য সম্পাদন কৰি অহাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে, জিলাখনৰ বন বিভাগৰ বিষয়া-কৰ্মীসকলৰ লগত গোপন বুজাবুজি কৰি চোৰাং কাঠ ব্যৱসায়ীসকলে নৈপৰীয়া ভীমপৰা আৰু ঘুনাসুঁতি অঞ্চলত শিমলু, আজাৰকে ধৰি মূল্যবান গছসমূহ জধে-মধে কাটি তহিলং কৰি অহাৰ কুফলতে বৰ্তমান উল্লিখিত অঞ্চলটোত বছৰি সোৱণশিৰি নৈৰ খহনীয়া বৃদ্ধি পাইছে।
লখিমপুৰৰ পৰা মানৱ শইকীয়াৰ প্ৰতিবেদন
