সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ অধিৱেশনত ঘোষণা কৰা হয় নতুন সাধাৰণ সম্পাদকৰ নাম।
নতুন সাধাৰণ সম্পাদকৰ নাম সমীৰণ ফুকন।
ইয়াৰ পূৰ্বে শংকৰজ্য়োতি বৰুৱাৰ পদত্য়াগৰ পিছত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল চৰ্জুন হান্সে।
পিছে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ অধিৱেশনত চৰ্জুন হান্সেক পূৰ্ণ ৰূপত দায়িত্ব নিদি নতুন সাধাৰণ সম্পাদকৰ নাম ঘোষণা কৰাৰ পিছতেই সামাজিক মাধ্য়মত চৰ্চা লাভ কৰিছে বিষয়টোৱে।
বহুতেই সমালোচনা কৰিছে আছুক।
কোনোৱে যদি পাহাৰীয়া অঞ্চলৰ নেতা হোৱাৰ বাবেই তেঁওক এই পদৰ পৰা আঁতৰোৱা হল বুলি কৈছে, তাৰ বিপৰীতে কোনোৱে আকৌ এই বিষয়ৰ মাষ্টাৰ মাইণ্ড কোন বুলি প্ৰশ্ন কৰিছে।
অৱশ্য়ে আছু নেতৃত্বই কেনেদৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেইয়া সময়ত হব লক্ষণীয়।
