অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটিল। অহা ৭ মাৰ্চত ঘোষণা কৰা হ’ব ADRE ২.০ৰ ফলাফল। দেওবাৰে নিশা ফেচবুক লাইভ যোগে এইকথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। ঘোষণা অনুসৰি এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব আৰু তাৰ পাছত মৌখিক পৰীক্ষাৰ জৰিয়তে এজনক নিৰ্বাচিত কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে লগতে ৰাজহুৱা কৰিলে আন কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন।

১.অসম আৰক্ষীৰ ফলাফল ৬মাৰ্চত ঘোষণা কৰা হ’ব।

২.কনিষ্টবল AB আৰু UBৰ ফলাফল ১২ মাৰ্চত ঘোষণা কৰা হ’ব।

৩.অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল ৪ মাৰ্চত ঘোষণা কৰা হ’ব।

৪.কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব।

৫.আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব।

0Shares