
মৃণাল ডেকা Mrinal Deka — এটা নাম, যি বৰ্তমান গুৱাহাটী তথা সমগ্ৰ অসমৰ আৰক্ষী ব্যৱস্থাত এক আস্থাৰ প্ৰতীক ৰূপে পৰিগণিত হৈছে। তেখেতৰ নাম আহিলেই জনসাধাৰণৰ মাজত এক নিৰ্ভয়, শান্তি আৰু বিশ্বাসৰ অনুভৱ জন্মে। চৰকাৰী ব্যৱস্থাৰ ভিতৰত “কৰ্মই ধৰ্ম” বুলি মানি চলা এনে বিষয়া অতি বিৰল। কিন্তু মৃণাল ডেকা সেই বিৰল বিষয়া সকলৰ ভিতৰত এজন। দিছপুৰ আৰক্ষী থানাৰ দৰে ৰাজ্যৰ ব্যস্ত থানাখনত দায়িত্ব পালন কৰা কোনো সৰু কথা নহয়। প্ৰতিদিনে শতাধিক অভিযোগ, আন্দোলন, ৰেলি, প্ৰতিবাদ, যানবাহনৰ নিয়ন্ত্ৰণ, মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কৰ চলন—এই সকলোবোৰ একেলগে নিয়ন্ত্ৰণ কৰা মানে এক ডাঙৰ পৰীক্ষা। আৰু সেই পৰীক্ষাত শ্ৰেষ্ঠত্বেৰে উত্তীৰ্ণ হৈছে DCP মৃণাল ডেকা।আগৰ হিমাংশু দাস ডাঙৰীয়াৰ দৰে পৰিপক্ব বিষয়াৰ নেতৃত্বৰ পৰাই এই থানাৰ এক ঐতিহ্য গঢ়া হৈছিল। কিন্তু সেই ঐতিহ্য বজাই ৰাখি, ইয়াৰ ওপৰিও এক নতুন দিশত আগুৱাই নিয়াৰ দায়িত্ব লৈছিল মৃণাল ডেকাই। প্ৰথম অৱস্থাত বহুতে ভাবিছিল—“তেখেতে পাৰিবনে?” কিন্তু সময়েই উত্তৰ দিলে — তেখেতে অকল পাৰিলে নহয়, বৰং দিছপুৰ থানাক নতুন এক ৰূপত চিনাই তুলিলে। মৃণাল ডেকাৰ সকলোতকৈ ডাঙৰ শক্তি হ’ল মানুহ বুজা ক্ষমতা। তেওঁ জানে, কোন সময়ত কঠোৰ হব লাগে, কোন সময়ত নম্ৰ। এজন সাধাৰণ অভিযোগকাৰীৰ কথাও তেখেতে মন লাগি শুনে, যেন সেয়ে তেওঁৰ পৰিয়ালৰ সদস্য। তেখেতে মানে, “আৰক্ষীয়ে মানুহক ভয় খুৱাব নালাগে, নিৰ্ভয় কৰিব লাগে।” মুখ্যমন্ত্ৰীৰ বাণী। তেখেতৰ জীৱনৰ যাত্ৰা এক অনুপ্ৰেৰণাৰ কাহিনী। তেজপুৰত প্ৰাথমিক শিক্ষা, দৰঙত সৰ্বশিক্ষা, পুনে বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত মাষ্টাৰছ — শিক্ষাৰ পৃষ্ঠভূমিয়ে তেওঁক নিজৰ কৰ্মক্ষেত্ৰতো সুশৃংখল মনোবৃত্তিৰে আগুৱাই নিয়ে। আৰক্ষী হোৱাৰ আগতে শিক্ষকতা কৰিছিল তেখেতে — কাৰ্বি আংলংৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰি। সেইসময়ৰ সেই শিক্ষকসুলভ ধৈৰ্য্য আৰু বোধে বৰ্তমানৰ কৰ্মজীৱনত তেওঁক এক অনন্য ৰূপ দিছে। তেখেতে ভাবে, “শিক্ষা মানে কেৱল পঢ়া-শিকাৰ ভিতৰত সীমাবদ্ধ নহয়, সমাজৰ প্ৰতি দায়বদ্ধতা, কৰ্মদক্ষতা আৰু সঠিক পথ দেখুৱাবলৈ শিকিব লাগিব।” এই আদৰ্শৰেৰে তেখেতে নিজৰ দপ্তৰ, নিজৰ টীম, আৰু নিজৰ জনতাৰ মাজত এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিছে। দিছপুৰ থানাৰ নিয়ন্ত্ৰণত থকা বহু কেইখন থানাৰ শান্তিপূৰ্ণ পৰিচালনাই প্ৰমাণ কৰিছে — মৃণাল ডেকাৰ হাতত দায়িত্ব মানে নিশ্চয়তা, আৰু নিশ্চয়তা মানে জনতাৰ নিৰ্ভয়তা। কোনো অস্থিৰ পৰিস্থিতিতো তেওঁৰ এক নীরৱ উপস্থিতিয়ে জনসাধাৰণক আশ্বাস দিয়ে — “বিষয়া আছে, ভয় নাই।” সেয়ে, আজিৰ দিনত যদি এজন সঁচা কৰ্মঠ, সৎ, শিক্ষিত আৰু মানৱীয়তা-ভৰা আৰক্ষী বিষয়া চিনাক্ত কৰিবলৈ কোৱা হয়, তেতিয়া নিঃসন্দেহে বহুতে মৃণাল ডেকাৰ নামটোই উচ্চাৰণ কৰিব। তেখেতক চেলুট কৰাটোৱেই সঁচাকৈ ন্যায়।তেখেতৰ দৰে বিষয়াই থাকিলে, অসমৰ আৰক্ষী বিভাগ নিঃসন্দেহে সুৰক্ষিত হাতত আছে বুলি ক’ব পাৰি।
