আৰম্ভ হৈছে কাউণ্ট-ডাউন! আজি নিশা ১২ বজাত ঘোষণা কৰা হ’ব বহু অপেক্ষিত ADRE ২.০ৰ ফলাফল। ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। পিছে প্ৰাৰ্থীয়ে কেনেকৈ চাব পাৰিব ফলাফল? সেইলৈ চাকৰি প্ৰত্যাশিত প্ৰাৰ্থীসকলৰ মাজত ব্যাপক চৰ্চা। ইতিমধ্যে অসম ৰাজ্যিক প্ৰত্যক্ষ নিযুক্তি আয়োগে জনাইছে যে, দুটা বিশেষ ৱেবচাইট যোগে প্ৰাৰ্থীয়ে চাব পাৰিব ফলাফল।
www.site.sebaonline.org, www.assam.gov.in ৱেব চাইটৰ যোগে প্ৰাৰ্থীয়ে চাব পাৰিব ফলাফল। ফলাফল চাবৰ বাবে ৰোল নম্বৰ আৰু পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত ব্যৱহাৰ কৰা পাঁচৱৰ্ড দাখিল কৰিব লাগিব।
উল্লেখ্য যে, যোৱা ছেপ্তেম্বৰ মাহৰ মাজভাগত অনুষ্ঠিত হৈছিল অসম ৰাজ্যিক প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। তৃতীয় বৰ্গৰ ৩০০০ ৰো অধিক পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ প্ৰাৰ্থী আছিল ১১,২৩,২০৪ গৰাকী। ইফালে ৰাজ্যৰ মুঠ ২৮ খন জিলাৰ ২,৩০৫ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ইয়াৰে ৪২৯ টা পৰীক্ষা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নীত কৰা হৈছিল।
