আৰম্ভ হৈছে কাউণ্ট-ডাউন! আজি নিশা ১২ বজাত ঘোষণা কৰা হ’ব বহু অপেক্ষিত ADRE ২.০ৰ ফলাফল। ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। পিছে প্ৰাৰ্থীয়ে কেনেকৈ চাব পাৰিব ফলাফল? সেইলৈ চাকৰি প্ৰত্যাশিত প্ৰাৰ্থীসকলৰ মাজত ব্যাপক চৰ্চা। এইসময়ত বহুকেইগৰাকী জ্যোতিষবিদেও কৰিছে আশ্বৰ্যকৰ দাবী। পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত বিশেষ কেইটামান ৰাশিৰ জাতক-জাতিকা এক এডভাণ্টেজ পজিশ্যনত থাকিব বুলি দাবী কৰিছে।

দাবী কৰা অনুসৰি মেঘ, বৃষ, কুম্ভ. কৰ্কট, মিথুন, বৃশ্বিক ৰাশিৰ জাতক-জাতিকাই সৰ্বাধিক লাভ কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি। ৰাজকেশৰী যোগ চলি থকাৰ বাবে এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ আছে চাকৰি লাভ, নতুন ভালখবৰ লাভ আদিৰ সম্ভাৱনা। ইয়াৰ উপৰিও যিসকল চাকৰি প্ৰত্যাশী পাৰ্থীৰ জন্মৰ তাৰিখ ০৩, ১২, ২৪ আৰু ৩০ তাৰিখ সেইসকলেও চাকৰি লাভৰ সম্ভাৱনা প্ৰকট বুলি দাবী কৰিছে বহুকেইজন আগশাৰীৰৰ জ্যোতিষবিদে।ৰ

0Shares