দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ’ল অসম ৰাজ্যিক প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ১২ হাজাৰ পদৰ বাবে হোৱা লিখিত পৰীক্ষাৰ ফলাফল আজি নিশা ১২ বজাৰ লগে লগে ঘোষণা কৰা হয়।

www.site.sebaonline.org, www.assam.gov.in ৱেব চাইটৰ যোগে প্ৰাৰ্থীয়ে চাব পাৰিব ফলাফল। ফলাফল চাবৰ বাবে ৰোল নম্বৰ আৰু পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত ব্যৱহাৰ কৰা পাঁচৱৰ্ড দাখিল কৰিব লাগিব।

উল্লেখ্য যে, যোৱা ছেপ্তেম্বৰ মাহৰ মাজভাগত অনুষ্ঠিত হৈছিল অসম ৰাজ্যিক প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। তৃতীয় বৰ্গৰ ৩০০০ ৰো অধিক পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ প্ৰাৰ্থী আছিল ১১,২৩,২০৪ গৰাকী। ইফালে ৰাজ্যৰ মুঠ ২৮ খন জিলাৰ ২,৩০৫ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ইয়াৰে ৪২৯ টা পৰীক্ষা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নীত কৰা হৈছিল।

ইফালে তৃতীয়বৰ্গৰ পদৰ বাবে যিসকলে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোক কম্পিউটাৰ টেষ্ট আৰু মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। আৰু তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে লাভ কৰিব নিযুক্তি পত্ৰ।

0Shares