“
“২০০৬ চনতে মা, বাইদেউ আৰু মোক তেওঁ ঘৰৰ পৰা খেদি দিছিল। মাৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন।আনকি তেওঁৰ উপাধি ব্যৱহাৰ নকৰিবলৈ চিঠি পঠিয়াইছিল।”- অৱশেষত পিতৃৰ ফোনকলৰ সন্দৰ্ভত মুখ খুলিলে পুত্ৰ ডাঃ অনল জ্যোতি বৰদলৈয়ে।
শুকুৰবাৰে সন্ধিয়া ভাইৰেল হৈছিল যোৰহাটৰ পৰা এগৰাকী ব্যক্তিৰ চিকিৎসক পুত্ৰলৈ কৰা এটা ফোনকল। ফোনত পিতৃয়ে লৈছিল- ” বাবা মোৰ অৱস্থা খুব বেয়া, তোক আৰু তোৰ বায়েৰক এবাৰ চাবলৈ মোৰ খুব মন গৈছে। নাতি পুতি হ’ল নেকি? এবাৰ আহিবলৈ সময় হ’বনে? সময় হয় যদি এবাৰ আহিব পাৰিবি নেকি?”
কিন্তু পুত্ৰৰ আহিবলৈ সময় নহ’ল। আৰু এনেকৈয়ে পুত্ৰলৈ অপেক্ষা কৰি থাকোতেই মৃত্যু হৈছিল পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈৰ। আৰু তাৰ পিছতে চচিয়েল মিডিয়াত পুত্ৰ অনল জ্যোতি বৰদলৈক সমালোচনাৰে থকা সৰকা কৰিছিল বহুজনে। আৰু অৱশেষত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অনল জ্যোতি বৰদলৈয়ে।
