২০২৫ চনৰ চৰকাৰী ছুটীৰ তালিকাত সংশোধন। পালন কৰা হব মে’ দিৱস, গান্ধী জয়ন্তী আৰু স্বৰ্গদেউ সৰ্বানন্দ দিৱস। আন কেইবাটাও উল্লেখযোগ্য দিৱসৰ অন্তৰ্ভুক্তি।
অসম চৰকাৰৰ প্ৰশাসনীয় বিভাগে২৭ ডিচেম্বৰত জাৰি কৰে সংশোধিত তালিকা। চৰকাৰী প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে ২০২৫ চনৰ চৰকাৰী ছুটীৰ তালিকাত আঠটাকৈ তাৰিখৰ সালসলনি কৰিছে।
উল্লেখযোগ্য পৰিৱৰ্তন সাপেক্ষে তালিকাখনত অন্তৰ্ভুক্ত হৈছে ১ মে’ত মে’ দিৱস, ২ অক্টোবৰত গান্ধী জয়ন্তী আৰু ২৪ মে’ত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দৰ দিৱস পালন।
আন সংশোধিত তাৰিখসমূহ হৈছে ২৬ মে’ত হৰিদেৱৰ তিথি, ২৩ অক্টোবৰত শ্ৰীভুৱনেশ্বৰ সাধু ঠাকুৰৰ আৰ্ৱিভাৱ তিথি, ১ নৱেম্বৰত কুকি চাৱাং কূট, ৭ নৱেম্বৰত ৱাংগালা উৎসৱ আৰু ১৯ নৱেম্বৰত বীৰ ৰাঘৱ মৰাণ দিৱস।
সংশোধিত তালিকাখন অসম চৰকাৰৰ প্ৰশাসনীয় বিভাগে যোৱা ২৭ ডিচেম্বৰ শুকুৰবাৰে জাৰি কৰে। বিদ্যালয়, চৰকাৰী কাৰ্যালয়, বিভিন্ন ৰাজহুৱা খণ্ড, সকলোতে এই সালসলনি প্ৰযোজ্য হব।
চৰকাৰী সূত্ৰই জনায় যে প্ৰশাসনিক আৰু সাংস্কৃতিক কাৰ্য্যকলাপৰ মসৃণ পৰিকল্পনাৰ সুবিধাৰ বাবেই এই সালসলনি সমূহ কৰা হয়, যাতে চৰকাৰী সংস্থা আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহে অনুষ্ঠানসমূহৰ অধিক ফলপ্ৰসূ সমন্বয় সাধন কৰিব পাৰে।
