এক মৰ্মান্তিক ঘটনা। মাতৃৰ মৃত্য়ুৰ এমাহ নহওঁতেই দুৰ্ঘটনাত মৃত্য়ু আৰক্ষী বিষয়া পুত্ৰৰ। মাতৃৰ বিয়োগৰ বাবে ছুটীত থকা অৱস্থাতে দুৰ্ঘটনাত প্ৰাণ গল পুত্ৰৰ।

বুধবাৰে নিশা গুৱাহাটীৰ লালমাটিত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃত্য়ু হয় বিষয়া গৰাকীৰ। স্কুটী চলাই যোৱা বিষয়াজন ছুইফ্ট বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাই। মৃত্য়ুক আকোঁৱালী লোৱা বিষয়াজন হল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি দাস।

খবৰ অনুসৰি, মাতৃৰ বিয়োগৰ পিছত কৰ্মস্থানত যোগদানৰ বাবে গৈছিল বিৰিঞ্চি দাস। আৰু যাত্ৰা পথতে সংঘটিত হয় এই ঘটনা। এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে ৰাজ্য়ত।

0Shares