এটা অতি ভাললগা খবৰ! ছত্তীশগড়ৰ ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত থাকিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত একন আসন। এই ক্ষেত্ৰত আগভাগ লয় ৰাজ্যখনৰ ৰাজ্যপাল তথা অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই। সুদীৰ্ঘ ৫০ বছৰৰ পিছত ছত্তিশগড়ৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত গুৰুজনাৰ নামত আসন প্ৰতিষ্ঠা হ’বলৈ যোৱাটো নিশ্চয়কৈ ৰাজ্যবাসীৰ বাবে এটা ভাললগা খবৰ। ইতিমধ্যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে দুই কোটি টকা।
পূৰ্বে প্ৰয়াত মহেন্দ্র মোহন চৌধুৰী পাঞ্জাৱৰ ৰাজ্যপাল হৈ থকাৰ সময়ত পাঞ্জাৱৰ বিশ্ববিদ্যালয়ত গুৰুজনাৰ নামত আসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ইফালে ছত্তীশগড় চৰকাৰে লোৱা এই প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী বিষ্ণুদেৱ ছাই তথা ছত্তিশগড় চৰকাৰক ধন্যবাদ জনাই ডেকাই।
