সম্পৰ্কীয় বাতৰি

ইতিহাস ৰচিলে ঝুমুৰে, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী

ঝুমুৰৰ বিশ্বমুখী যাত্ৰা। সৰুসজাই ক্ৰীড়া প্ৰকল্পত সূচনা হ’ল ইতিহাসৰ। আৰু এই বিৰল মুহূৰ্তৰ সাক্ষী হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজিৰ দিনটোত ৯ সহস্ৰাধিক নৃত্যশিল্পীয়ে সৰুসজাই ক্ৰীড়া প্ৰকল্পত পৰিৱেশন কৰিলে ঝুমুৰ নৃত্য। ‘ঝুমইৰ বিনন্দিনী’ উপভোগ কৰি অভিভূত হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ইফালে আজিৰ এই অনুষ্ঠানত আদৰণি ভাষণ ৰাখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমকবাসীক দিয়া উপহাৰৰ বাবে প্ৰশংসাৰে উপচাই প্ৰধানমন্ত্ৰী মোদীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে, “প্ৰধানমন্ত্ৰী মোদীৰ কাৰণে প্ৰথম চৰাইদেও মৈদামে UNESCO স্বীকৃতি পালে, দ্বিতীয়তে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পালে আৰু তৃতীয়তে, নামৰূপৰ সাৰ কাৰখানা পুনৰুজ্জ্বীৱিত কৰাৰ কাম কৰিলে। আগলৈও অসমৰ বাবে এনেকুৱা উপহাৰ দিব বুলি আমি আশা কৰিলোঁ।”

0Shares