যোৰহাটৰ পৰা এগৰাকী ব্যক্তিৰ চিকিৎসক পুত্ৰলৈ ফোন- ” বাবা মোৰ অৱস্থা খুব বেয়া, তোক আৰু তোৰ বায়েৰক এবাৰ চাবলৈ মোৰ খুব মন গৈছে। নাতি পুতি হ’ল নেকি? এবাৰ আহিবলৈ সময় হ’বনে? সময় হয় যদি এবাৰ আহিব পাৰিবি নেকি?”কিন্তু পুত্ৰৰ আহিবলৈ সময় নহ’ল।
অৱশেষত মৃত্যুক আঁকোৱালি ল’লে প্ৰতাপচন্দ্ৰ বৰদলৈ নামৰ লোকজনে। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ফোন কলৰ ভিত্তিত ঘটনাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। সকলোৱে ধিক্কাৰ দিছে চিকিৎসক ডাঃ অৰ্ণৱজ্যোতি বৰদলৈক।
