এইবাৰ বাঘৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ কিটিপ দিলে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। তেওঁৰ সেই ৰক্ষাত্মক কিটিপে এতিয়া বেছ চৰ্চা লাভ কৰিছে সৰ্বত্ৰ।

তেওঁ কয়, ” বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইত বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে।”

তেওঁ লগতে কয়, ” বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সুন্দৰবনত মাছমৰীয়াসকলে পাছফালে এখন মুখা লগাই লয়। এই দৃশ্য আমি চিনেমাত দেখিছোঁ। মুখা পিন্ধিলে বাঘে আক্ৰমণ নকৰে।” সেয়েহে ইয়াৰ পৰা ৰক্ষা পাবলৈ মানুহে মূৰৰ পাছফালে মুখা লগোৱাৰ কথা ক’লে অতুল বৰাই।

উল্লেখ্য যে তেওঁ বাঘ মানুহৰ ঘৰত সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে বুলিও উল্লেখ কৰি ভূ-মাফিয়াৰ বিৰূদ্ধে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

0Shares