এতিয়া ফাগুন মাহ। ফাগুনৰ মলয়া বতাহে কোবাই গৈছে চৌদিশ। দীঘলীয়া বৰষুণৰ অন্তত মঙলবাৰৰ পৰা বতৰ কিছু ফৰকাল হৈছে যদিও অহা শনিবাৰৰ পৰা বতৰে পুনৰ কালৰূপ লোৱাৰ সম্ভাৱনা।

অহা শনিবাৰৰ পৰা বুধবাৰলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে এইকেইটা দিনত সৰ্বোচ্চ তাপমাত্ৰা ২৩ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ১৪ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, গুৱাহাটী মহানগৰীকে ধৰি শোণিতপুৰ, নগাওঁ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় জিলাত বৰষুণ কম-বেছি পৰিমাণে হোৱাৰ সম্ভাৱনা আছে।

0Shares