অলপতে তেজপুৰত অনুষ্ঠিত হোৱা এক সাংগিতিক অনুষ্ঠানত হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে কৰে বহুকেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য। আৰু ইয়াৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল তেওঁৰ সেই মন্তব্য।
“অসমীয়া ল’ৰাই বৰ চিঞৰে৷ চিঞৰিবই লাগিব৷ নিচিঞৰাবোৰ চব্জি৷ They are Vegetable.”
“আমি চিঞৰিম৷ আমি Tiger.”
“আমি সংগ্ৰাম কৰিম৷ আমি নিজে খেতি কৰিম৷ নিজে খাম৷ No Free. যি চৰকাৰেই নহওক I don’t Care. Free বস্তু নালাগে৷ Nothing is Free.”
Apple ফোন স্বত্বাধিকাৰীৰ ডাইলগ Nothing is Free ৰ ক্ষেত্ৰত জুবিনে Not event your death সংযোজন কৰাৰ কথা উল্লেখ কৰি কয় — আজিকালি মানুহ মৰিলে বেছি Close হয়৷ So nothing is Free.
জুবিনৰ আক্ষেপ — “মোক বহু পলিটিচিয়ানে বুজি নাপাই৷ মোৰ চিন্তাবোৰ অলপ লেফ্টিষ্ট৷ গানৰ প্ৰসংগৰ পৰা চাইকেলৰ প্ৰসংগ উত্থাপন কৰি জুবিনে আৰু কয় — ১৭ জানুৱাৰীৰ পৰা পুণৰ ছবি নিৰ্মাণৰ কাম হাতত ল’ব৷
ছবি নিৰ্মাণৰ কাম হাতত লোৱা বাবেই তেজপুৰৰ অনুষ্ঠানেই শেষ অনুষ্ঠান হ’ব বুলি লগতে উল্লেখ কৰে জুবিনে৷
কাঞ্চনজংঘা ছবি ছুটিঙৰ প্ৰসংগ উল্লেখ কৰি জুবিনে তেজপুৰ প্ৰিয় ঠাই আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ বুলি কয় যদিও পূৰ্বৰ পৰিষ্কাৰ চহৰৰ আখ্যা পোৱা তেজপুৰ লেতেৰা হৈছে আৰু পৰিষ্কাৰ কৰি ৰখাটো আপোনালোকৰ দায়িত্ব বুলি তেজপুৰবাসীক আহ্বান জনায়৷
আনহাতে মঞ্চত গীত পৰিৱেশনৰ অন্তত দৰ্শকলৈ বুলি দলিয়াই দিলে নিজ হাতৰ সৰু গীতাৰখন৷
উল্লেখ্য যে, তেজপুৰত অনুষ্ঠিত হয় “বাঁহি—মিউজিক ফেষ্টিভেল” নামৰ সাংগিতিক কাৰ্যসূচী৷
হীমচেঁচা শীতকো নেওচি সহস্ৰাধিক অনুৰাগীয়ে উপভোগ কৰে জুবিনৰ সংগীতানুষ্ঠান৷
এটা সুৰা কোম্পানীৰ দ্বাৰা আয়োজিত বাঁহী শীৰ্ষক সংগীতানুষ্ঠানত জুবিনে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ মাজতে বহু কথা ব্যক্ত কৰে এনেদৰে।
