সম্পৰ্কীয় বাতৰি

কাৰ জীৱনলৈ কেতিয়া পৰিৱৰ্তন আহে কোনে জানে! তাতে যদি ৰাশিফলেও ভাগ্য মুকলি কৰে, তেন্তে আৰু কথাই নাই! মার্চৰ প্রথম সপ্তাহতেই এইবাৰ হ’ব চমৎকাৰ! বৃহস্পতি-চন্দ্রৰ গজকেশৰী ৰাজযোগৰ বাবে ৪ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব পাৰে বহুখিনি পৰিৱৰ্তন।

জ্যোতিষ শাস্ত্ৰৰ মতে, ফাকুৱাৰ পূৰ্বে বৃষ ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ মহাসংযোগে গজকেশৰী ৰাজযোগৰ সৃষ্টি কৰিব। ফলত মেঘ, বৃষ, কৰ্কট আৰু মকৰ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব পাৰে ডাঙৰ পৰিৱৰ্তন।

২০২৫ চনৰ ৫ মাৰ্চত অৰ্থাৎ হোলীৰ পূৰ্বে চন্দ্ৰৰ এক বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে বুলি দাবী কৰিছে জ্যোতিষ শাস্ত্ৰই। সেই অনুসৰি এই চাৰিটা ৰাশিৰ জাতক জাতিকাৰ চাকৰি, ব্যৱসায়ত থকা বাধা আঁতৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। আনহাতে নিৰাপদ হব জীৱন। যদি দীৰ্ঘদিন ধৰি কোনো সমস্যা সামাধান হোৱা নাই তেন্তে এনেধৰণৰ সমস্যাবোৰো সমাধান বুলি দাবী কৰিছে জ্যোতিষ শাস্ত্ৰই।

0Shares