১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব হোলী। পঞ্জিকা অনুসৰি হোলী দহন আৰু হোলী দুয়োটা দিনেই অতি গুৰুত্বপূৰ্ণ। এইবাৰ হোলীৰ দিনাই চন্দ্ৰ আৰু সূৰ্যই একেলগে ৰাশিৰ পৰিৱৰ্তন কৰিব।এই সময়ত সূৰ্য্য কুম্ভ ৰাশিত অৱস্থান কৰিব। সূৰ্য্যৰ ৰাশি পৰিৱৰ্তন হোৱাৰ আগতেই চন্দ্ৰই ৰাশি পৰিৱৰ্তন কৰিব। চন্দ্ৰই ১৪ মাৰ্চ, ২০২৫ তাৰিখে নিশা ১২:৫৬ বজাত কন্যা ৰাশিত প্ৰৱেশ কৰিব।
হোলীত চন্দ্ৰ আৰু সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ ফলত মেঘ, তুলা আৰু কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ব্যৱসায়িক দিশত।আনহাতে ঘৰত সংঘাত বাঢ়িব, বন্ধুৰ সৈতে মনোমালিন্য, হ’ব পাৰে দুৰ্ঘটনা। গতিকে এইকেইটা দিনত এই তিনিৰাশিৰ জাতক- জাতিকা সাৱধান হোৱাটো অতি জৰুৰী।
