সম্পৰ্কীয় বাতৰি

২৭ ফেব্ৰুৱাৰীৰ দিনটো বৃহস্পতিবাৰ, যাৰ স্বামী ভগৱান বিষ্ণু আৰু গুৰু গ্ৰহ। আৰু গুৰু গ্ৰহ আজি চন্দ্ৰৰ সৈতে কেন্দ্ৰীয়ভাবে শুভ যোগ হ’ব। আৰু আজি ফাগুন মাহৰ অমাৱস্যাত চন্দ্ৰমা কুম্ভ ৰাশিত সূৰ্য, বুধ, শনিৰ সৈতে মিলি চতুগ্ৰহী যোগ হৈছে। এনেসময়ত কাম কৰিলে সিদ্ধি বা কামৰ প্ৰাপ্তি হয়। আজিৰ দিনটো বিশেষ কেইটামান ৰাশিৰ বাবে অতিকৈ উত্তম বুলি দাবী কৰিছে জ্যোতিষ শাস্ত্ৰই।

মেঘ, বিষ, কৰ্কট, মকৰ আৰু সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আৰ্থিক দিশত অতি উত্তম। এইকেইটা ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত যদি দিঘলীয়া সময়ৰ বাবে কোনো ক্ষেত্ৰত ধন বিনিয়োগ কৰে, তেন্তে ভৱিষ্যতৰ সময়ত অধিক লাভৰ মুখ দেখিব। কৰ্মক্ষেত্ৰত পদোন্নতি আৰু সহকৰ্মীৰ সহায় লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবেও আজিৰ দিনটো অতিকে উত্তম।

এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত কোনো কাম, যি বহুসময় ধৰি হোৱা নাছিল, সেইকাম আৰম্ভ হোৱাৰ এক আশাৰ ৰেঙনি আৰম্ভ হব। আনহাতে আজিৰ দিনটোতে এইকেইটা ৰাশিৰ জাতক-জাতিকাই পিতৃ আৰু পৈতৃক সম্পত্তিৰ পৰাও লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো যিকোনো শুভকামৰ বাবে অনুকূল। আপোনাৰ অমীমাংসিত কামবোৰ সম্পূৰ্ণ কৰাত সফল হ’ব। বীমা, বেঙ্কিং বা একাউণ্টিংৰ সৈতে জড়িত সকলৰ বাবে, আজি বিশেষভাৱে লাভজনক হ’ব। যিসকল কিছু সময়ৰ পৰা অসুস্থ হৈ আছে তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি দেখিব। আপোনাৰ পাৰিবাৰিক জীৱনো আনন্দদায়ক হ’ব।

0Shares