সম্পৰ্কীয় বাতৰি

যাদুকৰী কন্ঠৰ গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকে তেওঁৰ লক্ষ লক্ষ অনুৰাগীলৈ দিলে এক সুখবৰ। নতুন বছৰৰ আৰম্ভণিতে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী আৱদ্ধ হ’ল বিবাহপাশত।

ছচিয়েল মিডিয়াত নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি মালিকে কেপচনত লিখে – “তু হি মেৰা ঘৰ”। আৰু ইয়াৰ পিছতেই বতাহৰ গতিত ভাইৰেল হৈছে তেওঁৰ বিয়াৰ ফটো।

পিছে সম্পূৰ্ণ ঘৰুৱা অনুষ্ঠানৰ মাজেৰে অনুষ্টুপিয়াকৈ গোপনে দীৰ্ঘদিনৰ প্ৰেমিকা আশনা শ্ৰফৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল আৰমান মালিক। আশনা শ্ৰফ হ’ল ভাৰতীয় ফেশ্বন আৰু বিউটী ভ্লগাৰ আৰু ইউটিউবাৰ।

0Shares