এই কাহিনী ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন তাৰকা অৰুণ লালক লৈ। যি নিজতকৈ ২৮ বছৰ সৰু এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। আৰু ই সম্ভৱ হয় নিজৰ প্ৰথমগৰাকী পত্নীৰ সন্মতিৰ পিছতহে।
বহু খেলুৱৈৰে আছে আকৰ্ষণীয় প্ৰেম কাহিনী । কিন্তু অন্যতম চৰ্চিত এক প্ৰেম কাহিনী হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অৰুণ লালৰ প্ৰেম কাহিনী। নিজত কৈ ২৮ বছৰ সৰু এগৰাকী মহিলাক বিয়া কৰাইছিল অৰুণ লালে। ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে তেওঁলোক। কিন্তু এয়া সম্ভৱ হৈছে অৰুণ লালৰ প্ৰথমা পত্নীৰ সন্মতিৰ পিছতহে। প্ৰথমা পত্নীয়ে হাঁহি হাঁহি ডিভোৰ্ছ দিয়ে অৰুণ লালক আৰু পিছত অৰুণ লালে এইগৰাকী মহিলাক বিয়া পাতে।
অৰুণ লালৰ দ্বিতীয়া পত্নীৰ নাম বুলবুল সাহা। বিয়াৰ সময়ত বুলবুলৰ বয়স আছিল ২৮ বছৰ। তাৰ বিপৰীতে অৰুণ লালৰ বয়স আছিল ৬৭ বছৰ। ইচ্ছা আছিল হানীমুনলৈ যোৱাৰ। কিন্তু কামৰ হেঁচাত অৰুণ লালে সময় মিলাব পৰা নাই। বৰ্তমান স্বাস্থ্যজনিত সমস্যাতো ভুগি আছে অৰুণ লাল। শেহতীয়াকৈ অৰুণ লালে পদত্যাগ কৰে বেংগল ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদৰ পৰাও।
