অৱশেষত মৰ্মিতা মিত্ৰৰ বাবে আহিল সেই বিশেষ ক্ষণ। যাৰ কথা ভাবি আছিল, যাক ওচৰৰ পৰা চোৱাৰ হেঁপাহ আছিল সেই হেঁপাহ যেন পূৰণ হ’ল। এতিয়া যেন সেই ক্ষণৰ উপযাপন হেঁপাহ পলুৱাই কৰিছে মৰ্মিতা মিত্ৰই। শেহতীয়াকৈ মৰ্মিতা মিত্ৰতে শেষ আৰু আৰম্ভ হৈছে ছচিয়েল মিডিয়াত চৰ্চা। জুবিন গাৰ্গৰ গীত অনুষ্ঠানত পৰিবেশন কৰি সৰ্বত্ৰ জনপ্ৰিয় হৈ পৰা মৰ্মিতা মিত্ৰই কিছুদিন পূৰ্বে কণ্ঠশিল্পী অনুপম শইকীয়াৰ সৈতে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই শীৰ্ষক গীতত কণ্ঠদান কৰিলে। গীতটোৱে মুক্তিলাভৰ পিছতে ব্যাপক জনপ্ৰিয়তা লাভৰ সমান্তৰালভাবে কিছুপৰিমাণে বিতৰ্কৰো সৃষ্টি কৰে।
কিন্তু এতিয়া যেন সেয়া পুৰণি হ’ল। জনপ্ৰিয়তা অক্ষুন্ন থাকিল মৰ্মিতা মিত্ৰৰ। মৰ্মিতা এতিয়া সাজু হৈছে আগন্তুক ব’হাগ বিহুৰ মঞ্চত গীত পৰিবেশন কৰিবৰ বাবে। এপ্ৰিলৰ ১৩ তাৰিখৰ পৰা মে’ৰ মাজভাগলৈকে মৰ্মিতা মিত্ৰৰ আছে সংগীতানুষ্ঠান। বিহুমঞ্চলৈ সাজু হোৱাৰ পূৰ্বেই এইবাৰ মৰ্মিতাই লগ পালে ৰোল মডেল জুবিন গাৰ্গক। প্ৰাগ চিনে এৱাৰ্ডৰ মঞ্চত জুবিন গাৰ্গক লগ পাই আনন্দত আত্মহাৰা হৈ পৰে ছচিয়েল মিডিয়াৰ শেহতীয়া ছেনচেশ্যনগৰাকী।
জুবিন গাৰ্গৰ সৈতে ফটো শ্বেয়াৰ কৰি মৰ্মিতা মিত্ৰই লিখিছে, “মন ভাল কৰাৰ একমাত্ৰ ঔষধ। মোৰ দ্ৰোণাচাৰ্য।”
