সম্পৰ্কীয় বাতৰি

মৰ্মিতা মিত্ৰক চিনি নোপোৱা মানুহ বৰ্তমান সময়ত নিশ্চয়কৈ ক’ৰবাত এজন ওলাব। ছচিয়েল মিডিয়া খুলিলেই বৰ্তমান সময়ত দেখা যায় মৰ্মিতা মিত্ৰই গাই থকা গীত। মুঠতে মৰ্মিতাক লৈ চৰ্চাৰ অন্ত নাই। কিছুদিন পূৰ্বে মৰ্মিতা মিত্ৰ আৰু অনুপম শইকীয়াৰ কণ্ঠত মুক্তিলাভ কৰা ‘নাচিমে কঁকালটি ঘূৰাই ঘূৰাই’ গীতটিও আঁকোৱালি লৈছে দৰ্শকে।

কোনোৱে যদি মৰ্মিতাক প্ৰশংসা কৰিছে, কোনোৱে সমালোচনাৰে থকা-সৰকা কৰিছে বংগৰ জীয়ৰি, অসমৰ বোৱাৰী মৰ্মিতাক। জুবিন গাৰ্গৰ গীত অনুষ্ঠানত পৰিবেশন কৰি ভাইৰেল হোৱা মৰ্মিতাৰ আছিল আজি বিবাহ বাৰ্ষিকী।

৬ বছৰৰ পূৰ্বে আজিৰ দিনটোতে বিবাহপাশত আবদ্ধ হৈছিল মৰ্মিতা মিত্ৰ। আজিৰ দিনটোত স্বামীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি মৰ্মিতাই ছচিয়েল মিডিয়াত লিখিছে, -“মই আছিলো, আছো আৰু আগলৈও থাকিম।”

0Shares