উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত প্ৰথমৰ পৰাই ভাইৰেল হৈছে বহুতো। তাৰ মাজতেই আছিল ইন্দোৰৰ এগৰাকী ভাইৰেল যুৱতী মনালিছা। যিগৰাকী যুৱতীয়ে কুম্ভ মেলাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
যিয়ে মেলাত হাতত ডাঙৰ মোনা এটা লৈ মালা বিক্ৰী মেলাৰ চাৰিওফালে ঘূৰি ফুৰিছিল। কুম্ভ মেলাত মালা বিক্ৰেতা এই গাঢ় ৰঙৰ যুৱতী গৰাকীৰ চকুত যাদু দেখিছিল সকলোৱে! সকলোৱে তেওঁৰ চকুৰ ৰং দেখি আচৰিত হৈছিল! একে সময়তে এই মালা বিক্ৰেতা যুৱতীৰ কথা কোৱাৰ শৈলীয়েও নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মনালিছাক প্ৰশংসা কৰিছিল সকলোৱে।
মনালিছা ভাইৰেল হোৱাৰ পিছতেই তেওঁক বলিউডত অভিনয়ৰ বাবে সুযোগ দিয়াৰ বাবে চলিছিল চৰ্চা। পিছে সেই কথাই সত্য় হল এতিয়া। ছবিত অভিনয়ৰ সুযোগ পাইছে মনালিছাই। ইতিমধ্য়ে ছবি পৰিচালকৰ সৈতে চুক্তিবদ্ধ হৈছে মনালিছা। মনালিছাৰ ঘৰত উপস্থিত হয় পৰিচালক।
জানিব পৰা মতে, পৰিচালক সনোজ মিশ্ৰৰ দ্য়া ডায়েৰী অৱ মণিপুৰ ছবিত মূখ্য় চৰিত্ৰত অভিনয় কৰিব মনালিছাই। ছবিখনৰ কাহিনীত প্ৰকাশ পাব মণিপুৰৰ হিংসাৰ মাজতে থকা এটা প্ৰেম কাহিনী। যত মনালিছাই এজন সেনা জোৱানৰ জীয়ৰীৰ ভূমিকাত অভিনয় কৰিব।
খবৰ অনুসৰি এই ছবিখনৰ দৃশ্যগ্ৰহণ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। মণিপুৰ, দিল্লী, মুম্বাই, ইম্ফল আৰু লণ্ডনকে ধৰি কেইবাটাও স্থানত শ্বুটিং অনুষ্ঠিত হ’ব। শ্বুটিঙৰ আগতে, মনালিছাই মুম্বাইত অভিনয়ৰ প্ৰশিক্ষণো লাভ কৰিব।
উল্লেখনীয় যে সনোজ মিশ্ৰই ‘দ্য়া ডায়েৰী অৱ ৱেষ্ট বেংগল’, ‘ৰক বেণ্ড পাৰ্টি’, ‘কাশী টু কাশ্মীৰ’, ‘ৰাম জন্মভূমি’, আৰু ‘গান্ধীগিৰি’ৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। তেওঁ মনালিছাৰ সৰল ব্যক্তিত্বক পৃথিৱীৰ আগত প্ৰদৰ্শন কৰিব বিচাৰে আৰু তাইৰ কেৰিয়াৰ গঢ়ি তুলিব বিচাৰে।
