সম্পৰ্কীয় বাতৰি

উদিত নাৰায়ণ। নাম শুনিলেই শত সহস্ৰজনৰ মনত ভাঁহি আহে তেওঁৰ কন্ঠত নিগৰা ইটোৰ পিছত সিটো গান। বহুতৰ বাবেই হিন্দী গীত মানেই যেন ৮০-৯০ দশকৰ উদিত নাৰায়ৰ সুৰীয়া গীত। সকলোৰে আদৰৰ প্ৰিয় শিল্পী সেই উদিত নাৰায়ণ। পিছে এইবাৰ বিতৰ্কত সোমাই পৰিল কণ্ঠশিল্পী উদিত নাৰায়ণ। কাৰণ কিয় জানেনে?

সততে দেখা পোৱা যায় যে, যিকোনো অনুষ্ঠানত প্ৰিয় শিল্পীক দেখিলে চুমা এটা খাই উদিত নাৰায়ণে। সেইদিনাও দেখা পোৱা গ’ল অনুৰূপ দৃশ্য। সন্মুখত প্ৰিয় গায়কজনক দেখি আৱেগতে তেওঁৰ গালত খালে চুমা। আৰু সিয়েই যেন কাল হ’ল তেওঁৰ বাবে। শেহতীয়াকৈ উদিত নাৰায়ণৰ মঞ্চ অভিনয়ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আৰু তাৰ পিছত কণ্ঠশিল্পীগৰাকী হৈ পৰিছে সমালোচনাৰ সন্মুখীন।

এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে উদিতৰ এটাৰ পিছত এটা ভিডিঅ’, য’ত তেওঁ ননষ্টপ চুমা খোৱা দেখা গৈছে। শ্ৰেয়া ঘোষাল হওক বা অলকা য়াগনিকেই হওক গালত ইটোৰ পিছত সিটোকৈ চুমা খাইছে। তেওঁলোকৰ সন্মতি অবিহনেই যেন তেওঁ কৰিছিল চুম্বন।শনিবাৰৰ পৰা ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈ আহিছে প্ৰবীণ গায়ক উদিত নাৰায়ণ। দেওবাৰৰ পৰা আৰম্ভ হৈছে অন্য ভিডিঅ’ৰ সন্ধান। নেটিজেনে উদিতৰ মঞ্চৰ অভিনয়ৰ ইটোৰ পিছত সিটোকৈ ভিডিঅ’ বিচাৰিছে। ইয়াৰে এটা ভিডিঅ’ত তেওঁ অলকা য়াগনিকৰ সৈতে মঞ্চত ৰিয়েলিটি শ্ব’ত গীত গাই থকা দেখা গৈছে। হঠাৎ অলকাৰ কাণৰ ওচৰলৈ আহি গান গাই থাকোঁতে তেওঁৰ গালত চুম্বন কৰি দিয়ে। অলকা আচৰিত হৈ অপ্ৰস্তুত হৈ আঁতৰি যায়।

সেইদৰে কেইবছৰমান পূৰ্বে শ্ৰেষ্ঠ মহিলা গায়িকাৰ বঁটা গ্ৰহণ কৰিবলৈ মঞ্চত উঠিছিল শ্ৰেয়া ঘোষাল। উদিত আৰু মালাইকা অৰোৰাই তেওঁক বঁটা প্ৰদান কৰিবলৈ সাজু হৈছিল। কিন্তু মঞ্চত উঠাৰ লগে লগে উদিতে শ্ৰেয়াক সাৱটি ধৰি গালত চুম্বন কৰে। শ্ৰেয়া অপ্ৰস্তুত আছিল, ভিডিঅ’টোত বন্দী হৈ পৰিছিল তেওঁৰ মুখৰ ভংগীমা। অৱশ্যে গায়িকাগৰাকীয়ে সহজ যেন দেখুৱাই লগে লগে হাঁহি দিয়ে।

এই দুটা-তিনিটা ভিডিঅ’ই পুনৰ ছ’চিয়েল মিডিয়াত তুলিছে আলোড়ন। আৰু ইয়াৰ লগে লগেই বহুতেই উদিত নাৰায়ণক কৰিছে ইটোৰ পিছত সিটো প্ৰশ্ন।

0Shares