শৰীৰত জমা থকা বেয়া পদাৰ্থ বাহিৰলৈ নিক্ষেপ কৰা প্ৰক্ৰিয়া হৈছে মূত্ৰ। এই প্ৰক্ৰিয়াত কিডনি ৰক্ত পৰিষ্কাৰ কৰি অধিক পানী আৰু ক্ষতিকৰ পদাৰ্থ অপসাৰণ কৰি মূত্ৰ সৃষ্টি কৰে। এই মূত্ৰ মূত্ৰথলীত জমা হয় আৰু যেতিয়া ই পূৰ্ণ হয়, তেতিয়া মগজুত সংকেত পঠিয়ায় যে মূত্ৰত্যাগ কৰিবলৈ হৈছে। তেতিয়া আমি মূত্ৰৰ চাপ অনুভৱ কৰোঁ আৰু বাথৰুমলৈ যাওঁ। মূত্ৰথলীৰ পেশীসমূহ সংকোচন হৈ মূত্ৰনলীৰে মূত্ৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়।
এজন সুস্থ বয়স্ক মানুহে যদি দৈনিক প্ৰায় ২ লিটাৰ তৰল পদাৰ্থ গ্ৰহণ কৰে, তেন্তে দিনত গঢ়ে ৬ৰ পৰা ৭ বাৰ প্ৰস্ৱাৱ হোৱাটো স্বাভাৱিক। কিন্তু যদি ৪ৰ পৰা ১০ বাৰ মুত্ৰ হয় আৰু কোনো শাৰীৰিক সমস্যাৰ নাথাকিলেও স্বাভাৱিক বুলি ধৰা হয়। মুত্ৰৰ পৰিমাণ সাধাৰণতে দিনে ৮০০ মি.লিৰ পৰা ২০০০ মি.লিৰ মাজত হয়। কিন্তু শৰীৰৰ পানীৰ পৰিমাণ, খাদ্যৰ বাবে এই সংখ্যা কিছু বাঢ়িবও পাৰে।
দিনত ৪ পৰা ১০ বাৰ প্ৰস্বাৱ স্বাভাৱিক হলেও, ৰাতি বাৰে বাৰে মূত্ৰৰ বাবে বিচনাৰ পৰা উঠাটোও স্বাভাৱিক নহয়। ই কোনো অভ্যন্তৰীণ সমস্যাৰ সংকেত হ’ব পাৰে। বিশেষকৈ যদি ৰাতি বাৰে বাৰে টোপনি ভংগ কৰি প্ৰস্বাৱ লাগে, তেন্তে ই ইউৰিনাৰী ট্রেক্ট ইনফেকশ্যন (UTI), ডায়াবেটিছ বা প্ৰষ্টেট সমস্যাৰ সংকেত দিব পাৰে।
বিভিন্ন প্ৰকাৰৰ ঔষধ, হৰম’ন আৰু মূত্রাশয়ৰ ওপৰত চাপ (যেনে গর্ভাবস্থাত) প্ৰস্বাৱৰ পৰিমাণ বা ফ্রিকোৱেনচিত পৰিৱৰ্তন আনিব পাৰে। গর্ভৱতী মহিলাৰ মূত্রাশয়ৰ ওপৰত গর্ভৰ শিশুৰ চাপৰ বাবেই অধিক প্ৰস্বাৱ উৎপন্ন হোৱাটো স্বাভাৱিক। এই অৱস্থা সাধাৰণতে প্রসৱৰ পাছত কিছুমান সপ্তাহৰ ভিতৰত ঠিক হৈ যায়।
যদি আপুনি দিনত ৪ ৰ পৰা ১০ বাৰৰ কম বা বেছি প্রস্ৰাৱ কৰে, বা প্রস্ৰাৱ নিয়ন্ত্ৰণত অসুবিধা হয়, তেনে হলে সেয়া সমস্যাৰ লক্ষণ হ’ব পাৰে। প্রস্ৰাৱ একেবাৰে বন্ধ হৈ পৰা বা হঠাৎ অতি বেছি বাৰ প্রস্ৰাৱৰ প্ৰয়োজন অনুভৱ কৰাটো স্বাভাবিক নহয়। এই লক্ষণবোৰ ডায়াবেটিছ, কিডনী সমস্যাৰ বা ইউৰিনাৰী ট্ৰেকত কোনো অসঙ্গতিৰ ইঙ্গিত হ’ব পাৰে।
মূত্রৰ ৰং যদি স্বচ্ছ নহয়, বেছি হালধীয়া, গাঢ় বা ৰক্তবৰ্ণ হয়, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো উচিত। প্ৰস্বাৱত ৰক্ত দেখিবলৈ পোৱা, প্ৰস্বাৱ কৰোঁতে জ্বলা বা বিষ অনুভৱ কৰা, প্ৰস্বাৱৰ আৰম্ভণিতে দীৰ্ঘ বা ধীৰ গতিত উপনীত হোৱা—এইবোৰই মূত্ৰাশয়ৰ সমস্যাৰ লক্ষণ। এনেক্ষেত্ৰত সময় নষ্ট নকৰাকৈ ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।
