শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাৰ এটি প্ৰাকৃতিক উপায় আছে, যাক মলত্যাগ বুলি কোৱা হয়। ই শৰীৰৰ এটি গুৰুত্বপূর্ণ প্ৰক্ৰিয়া, যি পাচনতন্ত্ৰ আৰু সামগ্ৰিক স্বাস্থ্য ভালে ৰাখিবলৈ সহায় কৰে। সঠিক খাদ্যাভ্যাস আৰু ভাল জীৱনধাৰণ গ্ৰহণ কৰিলে শৰীৰে নিয়মীয়া মলত্যাগ কৰে। জীৱনধাৰণ আৰু খাদ্যাভ্যাসৰ যেতিয়া অৱনতি ঘটে, তেতিয়া এই অৱস্থাত মানুহৰ পেট বেয়া হয় আৰু মলত্যাগত অসুবিধা হয়।
এতিয়া কথা হ’ল দিনে কেইবাৰ মলত্যাগ কৰা স্বাভাৱিক বুলি কোৱা হয়?
আয়ুৰ্বেদ অনুসৰি, এজন সুস্থ ব্যক্তিয়ে প্ৰতিদিন ৰাতিপুৱা এবাৰ মলত্যাগ কৰা উচিত। যদি কোনো ব্যক্তি ৰাতিপুৱা শুৱাৰ পৰা উঠি সহজে মলত্যাগ কৰে, তেনেহলে ই এটা ভাল পাচনতন্ত্ৰৰ লক্ষণ হিচাপে গণ্য কৰা হয়। দিনে এবাৰ বা দুবাৰ মলত্যাগ কৰা স্বাভাৱিক লক্ষণ। যদিও তাতকৈ বেছি মলত্যাগ কৰে বা কেইবা দিন ধৰি একেবাৰে মলত্যাগ নকৰে, তেন্তে সেইয়া বেয়া স্বাস্থ্য়ৰ লক্ষণ হ’ব পাৰে।
যদি কোনো ব্যক্তিয়ে দিনে তিন বাৰ নাইবা তাতকৈ অধিক বাৰ মল ত্য়াগ কৰে, তেন্তে এয়া পাকস্থলীৰ সংক্রমণ, অন্ত্ৰৰ সমস্যা নাইবা দুৰ্বল হজমৰ লক্ষণ হ’ব পাৰে। আয়ুৰ্বেদত ইয়াক ‘গ্ৰহণী’ দোষ বুলি কোৱা হয়, য’ত অন্ত্ৰসমূহ সঠিককৈ খাদ্য হজম কৰিবলৈ অসমৰ্থ হয় আৰু ঘন ঘন ডায়েৰিয়াৰ দৰে অৱস্থা দেখা দিয়ে। এই ধৰণৰ অৱস্থাৰ চিকিৎসা প্ৰয়োজন।
কোনো এজন ব্যক্তিয়ে দুই-তিন দিন ধৰি যদি মলত্যাগ নকৰে, তেন্তে সেইটো কোষ্ঠকাঠিন্য। আয়ুৰ্বেদত ইয়াক ‘বিবন্ধ’ বুলি কোৱা হয় আৰু ইয়াৰ প্ৰধান কাৰণ হব পাৰে বায়ু দোষৰ বৃদ্ধি, পানী আৰু ফাইবাৰৰ অভাৱ বা মানসিক চাপ। দীঘলীয়া সময় ধৰি কোষ্ঠকাঠিন্যই শৰীৰত বিষাক্ত উপাদান জমা কৰি ৰাখে, আৰু ই মূৰৰ বিষ আৰু মানসিক ক্লান্তিৰ দৰে সমস্যা সৃষ্টি কৰিব পাৰে।
