ইজৰাইলৰ অপ্ৰৰোচিত ইৰাণ আক্ৰমণৰ সময়ত দেখা গ’ল যে প্ৰায় সকলো ইছলামিক দেশেই যেন নিৰুদ্বেগ। দুই এখনে সৰুকৈ মাত মাতিছে যদিও সামৰিক সাহাৰ্য কোনেও আগবঢ়োৱা নাই। বিবৃতি দিয়েই দায়িত্ব সামৰিছে বহুতে। ইজৰাইলক সহায় কৰা আমেৰিকাৰ নাম লোৱাৰ সাহস যেন কাৰো নাই। অকলেই মৰণপণ যুঁজ দিবলগীয়া হৈছে ইৰাণে। জয়ৰ আশাত নহয়, বাছি থকাৰ আশাত হে! আলী খামেনিৰ মৃত্যু অথবা দেশচ্যুতিকৰণ অনিবাৰ্য। ইছলামিক বিশ্বৰ নতুন খলিফা বুলি দাবী কৰা তুৰস্কও নীৰৱ। পাকিস্তান আপ্লুত হোৱাইট হাউছৰ আতিথ্য গ্ৰহণত। ছৌডী আৰব, কাটাৰ আদি আমেৰিকাৰ বন্ধু দেশৰ কথা বাদ দিও দৃষ্টিগোচৰ হয় যে য়েমেন-ছুদান-আফগানিস্থানৰ দৰে জংগী দেশৰো মুখৰ মাত নাই।ক’ত হেৰাল বহুল প্ৰচাৰিত ইছলামিক ভাতৃত্ববোধ! সঁচাকৈয়ে, আজি অৰ্থনীতিয়েই বিশ্বৰ আটাইতকৈ শক্তিশালী ধৰ্ম!!১৯-০৬-২০২৫

