যোৱা শুকুৰবাৰে আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাক লৈ শোকস্তব্ধ দেশ। যত উৰণৰ ঠিক পিছতেই প্ৰযুক্তিগত বিসংগতিৰ বাবে পলকতে বিধ্বস্ত হৈ পৰিছিল Air India ৰ এখন বিমান। প্ৰায় ২৫০ ৰো অধিক লোকৰ প্ৰাণহানি হোৱা দুৰ্ঘটনাটোৰ বৰ্তমান অনুসন্ধান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
কিন্তু শেহতীয়াকৈ এই ঘটনাৰ পিছতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিতৰ্কিত টুইট। আমেৰিকাৰ নাগৰিক ছাৰাহ এডামছে ৯ জুনত পোষ্ট কৰা সেই টুইটক লৈ এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। যত ভাৰতৰ ভূমিত সংঘটিত হ’বলগীয়া আটাইতকৈ বৃহৎ এক আক্ৰমণৰ বাবে আফগানিস্তানত পৰিকল্পনা কৰাৰ কথা দাবী কৰিছিল ছাৰাহ এডামছে। মহিলা গৰাকীয়ে কৰা টুইটৰ ঠিক ৩ দিনৰ পিছতেই অৰ্থাৎ ১২ জুনত আহমেদাবাদত ভূপতিত হয় AI 171 নম্বৰৰ বিমানখন। ছাৰাহ এডামছে এক্স হেণ্ডেলত দিয়া এই মন্তব্যৰ পিছতেই আহমেদাবাদত সংঘটিত ভয়ংকৰ ঘটনাটোক লৈ এতিয়া ঘনীভূত হৈছে ৰহস্যৰ। সকলোৰে প্ৰশ্ন এই তথ্য কেনেকৈ জানিলে ছাৰাহ এডামছে ? ভাৰতৰ সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলেও চৰকাৰক ছাৰাহ আডামছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী তুলিছে। অৱশ্যে গৃহ মন্ত্ৰালয় তথা চাইবাৰ চেলেও আৰম্ভ কৰিছে এই টুইটৰ তদন্ত। এইয়া কাৰোবাৰ ষড়যন্ত্ৰ হব পাৰে নেকি, তাক লৈও অব্যাহত ৰাখিছে অনুসন্ধান। বৈদেশিক মন্ত্ৰালয়েও এই বিষয়টোৰ সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে আমেৰিকাৰ সৈতে।
উল্লেখ্য যে আমেৰিকাৰ তদন্তকাৰী সংস্থা CIA আৰু FBIৰ সৈতে সু সম্পৰ্ক আছে ছাৰাহ এডামছৰ। বিগত সময়ত ISI আৰু CIA এ প্ৰায়েই আফগানিস্তানৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে কুটাঘাটমূলক কাম কৰোৱাৰ কৰি আহিছে চেষ্টা। সেয়েহে ছাৰাহ এডামছৰ এক্সৰ সেই মন্তব্যৰ পিছত আহমেদাবাদৰ ঘটনাক লৈয়ো এতিয়া অৱতাৰণা হৈছে বহুতো প্ৰশ্নৰ।
বহুতেই কব খুজিছে, এই বৃহৎ আক্ৰমণৰ বাবে পাকিস্তানৰ সৈতে মিলি আফগানিস্তানে ৰচনা কৰিছিল নেকি ব্লুপ্ৰিণ্ট? তেনে ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈ ভাৰতৰ কোনো প্ৰতাপী ব্যক্তিক মেনেজ কৰিছিল নেকি আফগানিস্তান বা পাকিস্তানে?
অৱশ্যে সেই কথা ওলাই পৰিব পৰৱৰ্তী অনুসন্ধানত।
