অৱশেষত ঘৰমুৱা হৈছে সুনীতা উইলিয়ামছ। মাত্ৰ ৮ দিনৰ বাবে গৈ ৯ মাহতকৈও অধিক সময় মহাকাশত আৱদ্ধ হৈ পৰিছিল মহাকাশচাৰী সুনীতা উইলিয়ামছ। আৰু অৱশেষত ইলন মাস্কৰ SpaceX মহাকাশযানৰ Dragon কেপচুলত উঠি পৃথিৱীমুৱা হৈছে সুনীতাসহ Crew-9 দল।
সুনীতাৰ সৈতে লগত উভতিছে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা আমেৰিকাৰ মহাকাশচাৰী নিক হগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভ।
সকলো ঠিকেই থাকিলে বুধবাৰে পুৱতি নিশা ৩:২৭ বজাত আটলাণ্টিক মহাসাগৰৰ ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিব মহাকাশযানখনে। আৰু তাৰপিছত এখন উদ্ধাৰকাৰী জাহাজে Crew-9 দলক উদ্ধাৰ কৰিব।
এতিয়া সকলোৱে আশা কৰিছে সুকলমে আহি ঘৰত উপস্থিত হওঁক সুনীতা উইলিয়ামছ।
