আফগানিস্তানত মহিলাক লৈ নতুন নিৰ্দেশনা জাৰি তালিবানৰ। তালিবানে মহিলা থকা ঠাইৰ অট্টালিকাত খিৰিকী নিৰ্মাণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি জাৰি কৰিছে এক নিৰ্দেশনা। য’ত খিৰিকীৰে মহিলাই চোৱা কাৰ্যক “অশ্লীল কাৰ্য” বুলি উল্লেখ কৰি তালিবানে উদ্বেগ প্ৰকাশ কৰিছে।
তালিবানৰ মতে, অট্টালিকাত খিৰিকী থাকিলে বাহিৰৰ পৰা পুৰুষে ঘৰুৱা স্থানত থকা মহিলাক লক্ষ্য কৰি থাকিব পাৰে। শেহতীয়া এই নিৰ্দেশটোৱে ২০২১ চনত আফগানিস্তানত মহিলাৰ অধিকাৰৰ প্ৰণালীবদ্ধ ক্ষয়ৰ ধাৰাবাহিকতাক প্ৰতিনিধিত্ব কৰে।
তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ঘোষণা কৰা এই আদেশ অনুসৰি নতুন অট্টালিকাবোৰত চোতাল, পাকঘৰ বা কুঁৱাবোৰত দৃশ্যমানতা থকা খিৰিকী পৰিহাৰ কৰিব লাগিব। যিবোৰ পৰম্পৰাগতভাৱে আফগান মহিলাসকলে ব্যৱহাৰ কৰা স্থান, সেইসমূহত দৃশ্যমানতা থাকিব নালাগিব।
নিৰ্দেশনা অনুসৰি “চুবুৰীয়াৰ উপদ্ৰৱ” প্ৰতিহত কৰিবলৈ বাহিৰৰ পৰা দৃশ্যমান খিৰিকী অৱৰোধ কৰিব লাগিব। নিৰ্দেশনাত স্থানীয় পৌৰ কৰ্তৃপক্ষক নিৰ্মাণ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰি এই আদেশ বলৱৎ কৰাৰ দায়িত্ব দিয়া হৈছে।
মুজাহিদে লগতে কয়, “মহিলাসকলক পাকঘৰত, চোতালত কাম কৰা বা কুঁৱাৰ পৰা পানী সংগ্ৰহ কৰা কোনোবাই দেখিলে তাক অশ্লীল কাৰ্য্য হিচাপে ধৰি লোৱা হ’ব।”
