সম্পৰ্কীয় বাতৰি

প্ৰেমৰ এটা অংশ হৈছে চুম্বন বা চুমা খোৱা। প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত ভেলেণ্টাইন সপ্তাহত চুম্বন দিৱস অৰ্থাৎ Kissing Day পালন কৰা হয়। এই বছৰ, বৃহস্পতিবাৰে চুম্বন দিৱস উদযাপন কৰা হয়।

চুম্বন হৈছে প্ৰেমৰ অভিব্যক্তি। সেই প্ৰেম স্নেহৰ আন এটা নাম হ’ব পাৰে। কিছুমান সংস্কৃতিত সন্মান বা শ্ৰদ্ধাৰ অভিবাদন হিচাপে চুম্বন কৰা হয়। কিন্তু প্ৰতিটো চুম্বনেই পৃথক। বিশেষকৈ প্ৰেমৰ চুম্বনত যৌন আৱেগ থাকে। প্ৰেমৰ চুম্বনত আমাৰ চকু বন্ধ হৈ যায় আৰু মুৰটো এফালে হেলনীয়া হয়। এই শৰীৰৰ ভঙ্গীৰ বাবে বেলেগ একো কৰাৰ প্ৰয়োজন নাই। মূৰ নিজে নিজেই হেলনীয়া হয়। চকুৰ পতাবোৰ ঢলি পৰে।

মনোবিজ্ঞানীসকলে বিশ্বাস কৰে যে মানুহৰ এই আচৰণৰ আঁৰত বহুতো কাৰণ আছে।

তেওঁলোকৰ মতে, এই আচৰণৰ আঁৰত আছে পৰম তৃপ্তি। ভাল খালে, ভাল গান শুনিলে আমাৰ যেনেদৰে তৃপ্তিত চকু বন্ধ হৈ পৰে, চুমা খোৱাৰ সময়তো ঠিক একেই।

ইয়াৰ লগত জড়িত আছে মন সংযোগৰ বিষয়। চুম্বনৰ সময়ত সংগীক চাৰিওফালৰ পৰিৱেশৰ কথা বা সকলো চিন্তা পাহৰাই ৰাখিব বিচাৰে।

চুম্বন হৈছে প্ৰেমৰ অংশ। প্ৰেমৰ সৈতে সম্পৰ্কিত কিছু লজ্জা আৰু কুণ্ঠাও। প্ৰেমৰ সৈতে জড়িত গোপনীয়তাও। অৰ্থাৎ আমাৰ ধাৰণা, আমি কাকো দেখা নাই আৰু আমাকো কোনেও দেখা নাই। সেয়েহে চুমা খোৱাৰ সময়ত দুই চকু বন্ধ হৈ থাকে।

চুম্বন হৈছে প্ৰেমৰ আত্মসমৰ্পণৰ এটা অংশ। বিশ্বাস আৰু আস্থাত সেই আত্মসমৰ্পণৰ বোধ আহে। যাৰ ওপৰত অগাধ বিশ্বাস আছে, হয়তো তেওঁৰ ওপৰত চকু বন্ধ ৰাখিয়েই সেই ভৰসা কৰা যায়।আনকি চুম্বনৰ মুহূৰ্তত আপুনি আপোনাৰ চকু খোলা ৰাখিলেও আপোনাৰ বাবে ই বৰ আনন্দদায়ক নহয়। সেই কথাও মানুহৰ মনত থাকে। সেয়েহে চুম্বনৰ সময়ত নিজে নিজেই চকুৰ পৰা নামি আহে।

0Shares