সম্পৰ্কীয় বাতৰি

২৬ ফেব্ৰুৱাৰীত পালন কৰা হ’ব মহাশিৱৰাত্ৰি। আৰম্ভ হৈছে মহাদেৱৰ আৰাধনা। মহাদেৱক সন্তুষ্ট কৰিবলৈ শিৱলিংগত গাখীৰ ঢালিছে বহু ভক্তই। পিছে এইবাৰ শিৱৰাত্ৰিত কঁপাল ফুলিব চাৰি ৰাশিৰ জাতক জাতিকাৰ। কাৰণ ১৯৬৫ চনৰ পিছত প্ৰথমবাৰলৈ মহা শিৱৰাত্ৰিৰ দিনটোত হৈছে বিৰল সংযোগ।

সূৰ্য, বুধ আৰু শনিৰ মিলনত এইবাৰ শিৱৰাত্ৰিত হৈছে ত্ৰিগ্ৰহী যোগ। জ্যোতিষ শাস্ত্ৰৰ মতে মহাশিৱৰাত্ৰিৰ দিনটো অত্যন্ত শুভ আৰু গুৰুত্বপূৰ্ণ। ভগৱান শিৱৰ কৃপাত এইবাৰ কঁপাল ফুলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ। আৰ্থিক দিশৰ পৰা শিক্ষা, স্বাস্থ্য, পাৰিবাৰিক আদি সকলো দিশতে মেঘ, মিঠুন, সিংহ আৰু কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ বাবে এইবাৰ অতি শুভ মহা শিৱৰাত্ৰি।

0Shares